আমেৰিকা ৰাষ্ট্ৰপতিয়ে বিশ্ব স্বাস্থ্য সংস্থা (World Health Organisation) ক পইচা নিদিও বুলি কিয় ঘোষণা কৰিলে ?
Assamese News
Assamese News
বৰ্ত্তমান আন্তৰাষ্ট্ৰীয় (International) প্ৰেক্ষাপটৰ চৰ্চাত থকা ডাঙৰ খবৰটো হল COVID-19 চলি থকা দূৰ্যোগৰ সময়খিনিত কিয় আমেৰিকা ৰাষ্ট্ৰপতিয়ে বিশ্ব স্বাস্থ্য সংস্থা (World Health Organisation) ক পইচা নিদিও বুলি কিয় ঘোষণা কৰিলে ?

জানো আহক,আমেৰিকা চৰকাৰীভাৱে কিমান টকা বিশ্ব স্বাস্থ্য সংস্থাক প্ৰতি বছৰে প্ৰদাণ কৰে ?
আমেৰিকা পইচা নিদিলে বিশ্ব স্বাস্থ্য সংস্থাৰ কি ক্ষতি হব পাৰে ? সকলো বিলাক জানো আহক
প্ৰথমতে চমুকৈ জানো আহক বিশ্ব স্বাস্থ্য সংস্থা আচলতে কি ?
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO এটা ৰাষ্ট্ৰ সংঘৰ তলতীয়া বিশেষ বেচৰকাৰী সংস্থা । জন্ম হৈছিল 1948 চনৰ 7 এপ্ৰিল তাৰিখে মুল উদ্দেশ্য আছিল আন্তৰ্জাতিক ভাৱে বিশ্বৰ সকলো দেশক স্বাস্থ্য (Health) ক্ষেত্ৰত সহায় কৰা যাৰ মুখ্য কাৰ্যলয় ছুইজাৰলেণ্ডৰ জেনেভাত ।
যেনেকৈ আজি বিশ্ব মহামাৰী COVID-19 ৰ সকলো কাম কাজ সমুহ আন্তৰ্জাতিকভাৱে বিশ্ব স্বাস্থ্য সংস্থাই পৰ্যবেক্ষণ (Observation) কৰি থকাৰ লগতে তাক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সকলো বিলাক পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থা প্ৰদাণ কৰি থকা বুলি কলে ভুল কোৱা নহব ।

মুল কথা হল, বিশ্ব স্বাস্হ্য সংস্থাক কোনে পইচা যোগান ধৰে আৰু কৰ পৰা লাভ কৰে ?
বিশ্ব স্বাস্থ্য সংস্থাক প্ৰতি বছৰে বিশ্বৰ দেশ সমুহে সামাৰ্থ অনুসৰি 50 হাজাৰ কোটিতকৈ অধিক টকা প্ৰদাণ কৰে ।
সকলো দেশৰ ভিতৰত কেৱল আমেৰিকা চৰকাৰীভাৱে অকলে বিশ্ব স্বাস্থ্য সংস্থাক বছৰি 5-6 হাজাৰ কোটি টকাতকৈ অধিক টকা প্ৰদান কৰে আৰু আমেৰিকা সবাতোকৈ ধনী ব্যক্তিজন BILL GATES অকলে ব্যক্তিগতভাৱে বছৰি 4-5 হাজাৰ কোটি টকা প্ৰদাণ কৰে, কবলৈ গলে আমেৰিকা সকলোতকৈ বেছি পইচা প্ৰদাণ কৰে বিশ্ব স্বাস্থ্য সংস্থাক । আমেৰিকা তুলনাত চীনে দহ গুনতকৈ কম পইচা প্ৰদাণ কৰে ।
ভাৰতে যিমান খিনি পইচা প্ৰদাণ কৰে চাব গলে চীনেও সিমান খিনিয়ে পইচা প্ৰদাণ কৰে ।


আমেৰিকা ৰাষ্ট্ৰপতি DONALD TRUMP ৰ কিয় বিশ্ব স্বাস্হ্য সংস্থাৰ ওপৰত খং উঠিল ?
যেতিয়া COVID 19 চীনত পোন প্ৰথমে আৰম্ভ হৈছিল তাৰপিছত বিশ্ব স্বাস্থ্য সংস্থাৰ বৰ্ত্তমানৰ Director General TEDROS ADHANOM এটা দল লৈ চীনলৈ COVID19 কাৰণে পৰ্যবেক্ষণ কৰিব গৈছিল । তাৰপিছত চীনৰ কিছুমান কাম কাজৰ ওপৰত সন্ত্তষ্ট হৈ বিশ্ব স্বাস্থ্য সংস্থাৰ Director ৰে চীনকে প্ৰশংসা কৰিছিল ।

তেতিয়া DONALD TRUMP ৰ বিশ্ব স্বাস্হ্য সংস্থাৰ ওপৰত অভিযোগ হল যে, কিয় প্ৰথমতে চীনে COVID19 লুকাইছিল ? কিয় চীনে দেৰিকে বিশ্বক খবৰটো জনাইছিল ? কিয় বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ প্ৰতি নৰম স্থিতি গ্ৰহণ কৰিলে ?
কোৱা হয়, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান মুৰব্বীজন অকণমান চীনৰ ফলিয়া । সেইটো কিমান সচা সময়ে কব ।
এই সকলোবিলাক কথা ওপৰত অভিযোগ কৰি অমেৰিকা ৰাষ্ট্ৰ পতি DONALD TRUMP বিশ্ব স্বাস্থ্য সংস্থাক পইচা প্ৰদাণ নকৰো বুলি ঘোষণা কৰিছে ।

আমেৰিকা চৰকাৰী ভাৱে পইচা প্ৰদাণ নকৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ কি ক্ষতি হব ?
আমেৰিকা ৰাষ্ট্ৰ পতিৰ এই সিদ্ধান্তক বহুতো দেশে ইতিমধ্যে ভুল হোৱা বুলি আখ্যা দিছে । কাৰণ COVID19 এই দুৰ্যোগৰ সময়চোৱাত বিশ্ব স্বাস্হ্য সংস্থাক বহুতো পইচাৰ প্ৰয়োজন তেনেস্থলত আমেৰিকা তেনেকুৱা কৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ বহুতো ক্ষতি হব পাৰে বুলি বহুতো দেশে ইতিমধ্যে উল্লেখ কৰিছে ।

একাংশ আন্তৰাষ্ট্ৰীয় বুদ্ধিজীৱিৰ মতে , আমেৰিকা ৰাষ্ট্ৰ পতি DONALD TRUMP য়ে সকলো বিলাক দোষৰ পৰা নিজকে বচাবলৈ এইবিলাক কৰিবলৈ লৈছে । কাৰণ DONALD TRUMP য়ে আৰম্ভণিতে CORONA ভাইৰাছক গুৰুত্ব সহকাৰে নললে যাৰ ফলত আমেৰিকাত আজি বহুতো লোক মৃত্যু মুখত পৰি আছে আৰু ডেৰ লাখতকৈ অধিক লোক আক্ৰান্ত হৈ আছে । যাৰ ফলত আমেৰিকা যথেষ্ট বিত্তীয় সংকটত পৰিবলৈ লৈছে আৰু বহুতো নাগৰিকৰ চাকৰিও হেৰুৱাৰ সম্ভৱনা আছে । 

বৰ্ত্তমান DONALD TRUMP ৰ আটাইতকৈ মুল চিন্তা কাৰণ হল , এইবছৰ আমেৰিকা ৰাষ্ট্ৰ পতি নিৰ্বাচন । যদি সকলো দোষত DONALD TRUMP পৰে তেন্তে DONALD TRUMP হাৰি যাওতে বেছি সময় নালাগে । যাৰ কাৰণে DONALD TRUMP য়ে এইবিলাক সিদ্ধান্ত লবলৈ ধৰিছে ।
এই সকলো বিলাক ধাৰাণা কেৱল একাংশ বুদ্ধি জীৱিৰ হে ।
সচা কথা কবলৈ গলে , বিশ্ব স্বাস্থ্য সংস্থাৰ অকণমান নি:সন্দেহে ভুল আছে । কাৰণ বিশ্ব স্বাস্থ্য সংস্থাৰ DIRECTOR OF GENERAL "TEDROS ADHANOM " য়ে চীনক এতিয়াও সাহস কৰি বহুতো কথা সুধিবলৈ পাৰা নাই ।
কিয় চীনে প্ৰথমতে Corona Virus লুকুৱাইছিল ? কিয় বিশ্বাবাসীক দেৰিকে অৱগত কৰাইছিল ?

Post a Comment

Previous Post Next Post