Friday, April 10, 2020

আমেৰিকা ৰাষ্ট্ৰপতি DONALD TRUMP কিয় ভাৰতবৰ্ষৰ পৰা সহায় হিচাপে Hydroxychloroquine বিচাৰিছিল ?


Donald Trump needs HCQ tablets
Donald Trump needs HCQ tablets

COVID19 আক্ৰান্ত ব্যক্তিক Hydroxychloroquine দিলে ভাল হয় নে বেয়া সেইটো এবাৰ আমেৰিকাৰ FDA (Food and drug administrative) য়ে পৰিক্ষা কৰিছিল আৰু তাতো সেই একে দেখাইছিল যে Hydroxychloroquine টেবলেট Covid 19 আক্ৰান্ত ব্যক্তিক দিব পাৰি, তাৰ পিছত US FDA পৰামৰ্শ মতে আমেৰিকা ৰাষ্ট্ৰপতি Donald trump য়ে ভাৰতৰ পৰা সৰহকৈ Hydroxychloroquine টেবলেট বিচাৰিছিল.

এতিয়া কথা হল,অৰ্থনৈতিক ভাৱে ইমানধনী দেশ খনে কিয় Hydrooxychloroquine টেবলেট উৎপাদন নকৰে ?
মুল কথা হল, আমেৰিকাও নিজকৈ Hydroxychloroquine উৎপাদন কৰে কিন্তু ভাৰতে যিমান উৎপাদন কৰে তাৰ তুলনাত বহু গুনে কম উৎপাদন কৰে, কাৰণ আমেৰিকাত তেনেকৈ মেলেৰিয়া বেমাৰী ভাৰতৰ নিচিনাকৈ ওলায় নাথাকে

ভাৰতে কিছুদিন আগলৈকে Hydroxychloroquine বা paracetamol এনেকুৱা ধৰাণৰ মেডিছিন ৰপ্তানি (Export) ক্ষেত্ৰত বন্ধ কৰিছিল যাতে ভাৰতত কম নপৰে পিছত...কিন্তু যেতিয়া আমেৰিকা ৰাষ্ট্ৰপতিয়ে নিজে ভাৰতৰ প্ৰধাণ মন্ত্ৰিক এই দুৰ্যোগৰ সময়ত সহায় বিচাৰিছে তাৰ কাৰণে ভাৰত চাৰকৰে সেই সেই মেডিচিন সমুহৰ ৰপ্তানি (export) প্ৰতিবন্ধকতা আংশিক ভাৱে উঠাই লোৱাৰ সিদ্ধান্ত ললে আৰু ভাৰত চৰকাৰে সিদ্ধান্ত ললে যে কেৱল আমেৰিকা বুলি নহয় covid19 য়ে কোঙা কৰি পেলোৱা প্ৰায়ভাগ দেশকে ভাৰতে Hydroxychloroquine ৰপ্তানি(export) কৰিব

বৰ্ত্তমান ভাৰত চৰকাৰৰ নিৰ্দেশত ভাৰতৰ ব্যক্তিগত মেডিচিন কোম্পানী সমুহে Hydroxychloroquine প্ৰতি সপ্তাহত 20 কোটিতকৈ অধিক টেবলেট উৎপাদন কৰি আছে


এই সকলোবিলাকৰ পিছতো, ভাৰতে আকৌ কিয় চীনৰ সহায় লব লগা হৈছে ?

এটা মেডিচিন টেবলেট তৈয়াৰ কৰিবলৈ যি যি ingredients প্ৰয়োজন হয় তাৰ 80% পৰা 90% ingredients ভাৰতে চীনৰ পৰা আমদানি কৰে(import) কৰে

Ingredients মানে কি আচলতে ?

যেনেকৈ এটা কেক বনাবলৈ আটা, ময়দা, কনি, সকলো বস্তুৰ প্ৰয়োজন হয় তাৰপিছতহে আমি সুন্দৰকৈ কেক এটা বনাবলৈ পাৰিম ...ঠিক তেনেকৈ মেডিচিন টেবলেট আদি বনাবলৈ যি যি পদাৰ্থ প্ৰয়োজন হয় সকলোবিলাকক ingredients বুলি কোৱা হয়
চীনৰ Active pharmaceutical ingredients (API) বুলি ব্যক্তিগত কোম্পানী কিছুমানে যথেষ্ট পৰিমানে ingredients উৎপাদন কৰে আৰু সেই বিলাক বেলেগে বেলেগ দেশে মেডিচিন তৈয়াৰ কৰিবলৈ কিনি আনে..আৰু নিজকৈ মেডিচিন তৈয়াৰ কৰে, ঠিক তেনেকৈ ভাৰতেও আগৰ পৰা চীনৰ লগতে অন্যদেশৰ পৰা ingredients আমদানি কৰি অানি নিজকৈ মেডিচিন তৈয়াৰ কৰে

ভাৰতবৰ্ষত যদি মেডিচিন বহুত পৰিমাণে উৎপাদন কৰিব পাৰে কিন্তু ইয়াত Ingredients কিয় উৎপাদন নকৰে ?

প্ৰথম কথা , যদি কোনো ব্যক্তিগত মেডিচিন কোম্পানীয়ে Ingredients উৎপাদন কৰা ফেক্টৰি খুলিবলৈ বিচাৰে তাৰ কাৰণে বহুতো আবেদন নিবেদন চৰকাৰক কৰিব লাগে আৰু চৰকাৰেও ingredients ফেক্টৰি খুলিবলৈ অনুমতি নিদিয়ে সেইকাৰণে ভাৰতৰ ব্যক্তিগত মেডিছিন কোম্পানী সমুহে আজিলৈ বাহিৰৰ পৰা Ingredients কিনি আনি নিজকৈ মেডিছিন উৎপাদন কৰি আছে...
মুল কথা হল, ভাৰত চৰকাৰে কিয় Ingredients ফেক্টৰি খুলিবলৈ অনুমতি প্ৰদাণ নকৰে ?
কাৰণ Ingredients ফেক্টৰি পৰা আটাইতকৈ বেছি প্ৰদুষণ নিৰ্গত হয় সেইকাৰণে ভাৰত চৰকাৰে তাক খুব সহজে অনুমতি প্ৰদাণ নকৰে

সেইকাৰণে আজি ব্যক্তিগত মেডিচিন কোম্পানী সমুহে চৰকাৰ সহযোগত চীনৰ পৰা অধিক পৰিমাণে Ingredients আমদানি(Import) কৰি Hydroxychloroquine উৎপাদন কৰাত লাগি গৈছে

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.

My Blogger Tricks © 2012.