Showing posts with label Carona Virus Post. Show all posts
Showing posts with label Carona Virus Post. Show all posts

Thursday, December 17, 2020

আয়ুৰ্বেদিক অশ্বগন্ধাই Corona Virus ৰ সৈতে যুদ্ধ কৰিব পাৰে ।

ayurvedic assaghandha and corona virus
ayurvedic ashwagandha and coronavirus



দিনক দিনে COVID19 আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈ আছে । আমাৰ সকলোৰে এটা কেৱল চিন্তা Corona Virus ৰ ভেকচিন বা মেডিছিন কেতিয়ালৈ আহিব আৰু আমি কেতিয়ালৈ আগাৰ নিছিনকৈ স্বাভাৱিক জীৱন লাভ কৰিব পাৰিম



মই এইকেদিন অকণমান Medical Journal Science বিলাকৰ তথ্যৰ ওপৰতে অধ্যয়ণ কৰি আছো লগতে মই নিজে যিহেতু এজন এলোপেথিক মেডিছিন কোম্পানীৰ কৰ্মচাৰী সেইকাৰণে Medical Science ৰ কিছুমান কথা বুজি পোৱাত মোৰ কাৰণে সহজ হৈছে ।


মই আজি আপোনালোকক যিখিনি কথা কবলৈ বিচাৰিছো সেইখিনি সম্পূৰ্ণ অধ্যয়ন কৰিহে মই কবলৈ চেষ্টা কৰিছো ।

আমি সকলোৱে জানো ভাৰতবৰ্ষত আদি পৰম্পৰা পৰা আয়ুৰ্বেদিক ঔষধৰ প্ৰচলণ চলি আহিছে । আমাৰ কিছুমান বেমাৰ এলোপেথিক ঔষধে কাম নিদিলিও কিন্তু আয়ুৰ্বেদিক ঔষধে কাম দিয়া দেখা যায় ।


আমি আয়ুৰ্বেদিক ঔষধিক গুণা গুন থকা অশ্বাগন্ধাৰ নাম চাগে বহুতে শুনিছো । যদি কোনোবাই নামটো শুনা নাই Google বা YouTube গৈ ভালদৰে চালে বুজি পাব ।


অশ্বাগন্ধা আমাৰ দেহৰ বহুতো বেমাৰ ঠিক কৰিব পাৰে যেনে - কাহ, চৰ্দি, উশাহ-নিশাহ লোৱাত অসুবিধা আদি বহুতে বেমাৰ আয়ুৰ্বেদিক ঔষধ হিচাপে অশ্বগন্ধা ভাল কৰিব পাৰে ।


আমি সকলোৱে জানো , কোনোবা ব্যক্তি Corona Virus আক্ৰান্ত হলে প্ৰধান লক্ষণ সমুহ হৈছে কাহ, চৰ্দি আৰু উশাহ-নিশাহ লোৱাত কষ্ট হোৱা ।

অলপতে , দিল্লী IIT ৰ Bio Technology বিভাগ আৰু জাপানৰ Science Bio Technology একেলগে লগ লাগি COVID19 কাৰণে আয়ুৰ্বেদিক ওষধৰ ওপৰত এটা গৱেষণা কৰিছিল । সেই গৱেষণাত পোৱা গৈছে যে, আয়ুৰ্বেদিক অশ্বগন্ধাই Corona Virus ৰ সৈতে যুদ্ধ কৰিব পাৰে ।

আপুনি হওতো এতিয়া ভাৱিছে, ডাঙৰ ডাঙৰ আধুনিক চিকিৎসা বিজ্ঞানী সকলে দিন ৰাত কষ্টকৰি corona virus ৰ কোনো এলোপেথিক মেডিচিন উলিয়াৱ পৰা নাই আৰু আয়ুৰ্বেদিক অশ্ব গন্ধা কেনেকৈ corona virus ভাল কৰিব পাৰিব ।


এতিয়া জানো আহক, corona virus ৰ আটাইতকৈ শক্তিশালী প্ৰটিন বিধে আমাৰ শৰীৰত প্ৰৱেশ কৰিলে আমাক কি কি ক্ষতি কৰে ?

আমাৰ সকলোৰে দেহত যেনেকৈ প্ৰটিন বুলি বস্তু এটা থাকে যাৰ ফলত আমি সম্পূৰ্ণ সুস্থ (Active) হৈ থাকিব পাৰো ঠিক তেনেকৈ corona virus ৰ দেহতো এটা প্ৰটিন থাকে সেইটো প্ৰটিনৰ সহায়ত কাৰোবাৰ দেহত সোমালে সি এটাৰ পৰা হাজাৰটা, হাজাৰটা পৰা লাখলৈ নিজকে সৃষ্টি কৰে অৰ্থাৎ corona virus দেহৰ ভিতৰত সোমোৱাৰ লগে লগে সি multiple ভাইৰাছ সৃষ্টি কৰি দিয়ে । সেইকাৰণে আমাৰ শৰীৰৰ immune system টোৱে যুদ্ধ কৰি কৰি শেষত হাৰ মানিব লগা হৈ যায় । যেতিয়া হাৰ মানে তেতিয়া আপোনাৰ দেহত corona লক্ষণ সমুহ দেখা দিবলৈ আৰম্ভ কৰে ।


এতিয়া জানো আহক, Corona virus দেহত থকা প্ৰধাণ প্ৰটিন বিধৰ নাম কি ?

CORONA VIRUS দেহত থকা প্ৰধান প্ৰটিন বিধৰ নাম হৈছে MPRO যিয়ে আমাৰ দেহৰ ভিতৰত প্ৰৱেশ কৰিলে corona virus ক Multiples কৰাত মুখ্য ভুমিকা গ্ৰহণ কৰে ।


এতিয়া মুল কথাটো জানো আহক, আয়ুৰ্বেদিক মেডিচিন অশ্বগন্ধা কেনেকৈ corona ৰ সৈতে যুদ্ধ কৰি আমাক তাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰে ?

ইতিমধ্যে দিল্লী IIT ৰ Bio technology বিভাগ আৰু জাপানৰ science technology য়ে একেলগে কৰা গৱেষণাত ধৰা পৰিছে যে, অশ্বগন্ধাই corona virus ৰ দেহত থকা প্ৰধান প্ৰটিন Mpro ক নিস্ক্ৰীয় (inactive) বা block কৰি দিব পাৰে । অশ্বগন্ধাত এটা উইথানন বুলি এটা পদাৰ্থ থাকে সেই পদাৰ্থটৱে corona virus ৰ Mpro প্ৰটিন বিধক নিস্ক্ৰিয় (inactive) কৰিব পাৰে । যেতিয়া corona virus দেহত থকা Mpro প্ৰটিন বিধ সম্পূৰ্ণকৈ নিস্ক্ৰীয় (inactive) হৈ যায় তেতিয়া সি আমাৰ দেহত আৰু multiples ভাইৰাছৰ সৃষ্টি কৰিব নোৱাৰে । তেতিয়া আমাৰ দেহত এটা বা দুটা corona virus সোমালেও আমাক একো ক্ষতি কৰিব নোৱাৰে । আমাৰ দেহৰ immune system টোৱে তাক সহজে আক্ৰমণ কৰিব কৰি আমাক তাৰ পৰা ৰক্ষা কৰিব ।



এতিয়া মুল কথা হল, অশ্বগন্ধা পাব ক'ত?

আজিকালি বহুতো আয়ুৰ্বেদিক মেডিচিন কোম্পানীৰ অশ্বগন্ধা টেবলেট নাইবা পাউদাৰৰে তৈয়াৰ কৰে । ভালদৰে চালি জাৰি চাই ভাল কোম্পানীৰ তৈয়াৰি অস্বগন্ধা কিনিব পাৰে ।



Written By: Dipankar ( A Medical Representative)


dipankar talukdar fulfill your dream


Sunday, May 17, 2020

Thermal Scanning মানুহৰ দেহত কেনেকৈ কৰা হয় ? ( A to Z Informations in assamese )

thermal scanning a to z informations in assamese
Thermal Scanning মানুহৰ দেহত কেনেকৈ কৰা হয় ? ( A to Z Informations in assamese )


আমি কেইদিন মান আগৰ দেখি আহিছো Airport বা Railway Station বা খুব বেছি জনসমাগম হোৱা স্থানত মানুহ বিলাকক প্ৰশাসনে Thermal scanning কৰি আছে। 
আৰু Lock Down উঠোৱাৰ পিছত দেখিম সকলো জন সমাগম হোৱা স্থানতে প্ৰশাসনে Thermal scanning কৰিব।

কিছুমানে হওতো ভাৱিছে , Thermal scanner মেছিনৰে কোনো এগৰাকী ব্যক্তিৰ দেহত Corona Virus পৰিক্ষা কৰিলে সেই মেছিনটোৰে Corona Virus বিধক দেখা পায় বা Visual হয় নেকি । আচলতে, Thermal Scanner মেছিনটোৰে কোনো Corona Virus দেখা নাপায় কেৱল সেই মেছিনটোৰ ব্যক্তি এজনৰ তাপ মাত্ৰা জোখা হয়।

মুল কথা হল, Thermal scanner মেছিন টোৰে কেনেকৈ কোনো এজন ব্যক্তিক পৰিক্ষা কৰা হয় ?

প্ৰথমতে আমি জানিব লাগিব আমাৰ শৰীৰত সাধাৰণতে অৰ্থাৎ Normal তাপ মাত্ৰা থাকে
37°c = 98.6°f
আৰু যদি সাধাৰণভাৱে জ্বৰ(Fever) হয় তেতিয়া আমাৰ শৰীৰত তাপ মাত্ৰা থাকে
98°c = 100.4°f
যেতিয়া খুব বেছি জ্বৰ হোৱা বুলি কও তেতিয়া আমাৰ শৰীৰত তাপ মাত্ৰা থাকে
39°c = 102.2°f
যেতিয়া কোনো এজন ব্যক্তিয়ে Corona Virus ত আক্ৰান্ত হব তেতিয়া তেওৰ শৰীৰত তাপ মাত্ৰা
39°c = 102.2°f তকৈ অধিকলৈ গুচি যাব পাৰে ।
কেৱল Thermal scanner মেছিন টোৰ দ্বাৰা কোনো এজন ব্যক্তি কেৱল তাপ মাত্ৰা খিনি জুখা হয় ।
যদিহে কোনো এজন ব্যক্তিৰ শৰীৰৰ বাহিৰৰ তাপ মাত্ৰা 39°c = 102.2°f Thermal Scanning ত ধৰা পৰিছে তেতিয়া সেইজন ব্যক্তিক বেলেগকৈ ৰাখি তেওক পুনৰ বাৰ NT- PCR ত Corona Virus পৰিক্ষা কৰিব ।

এটা কথা মনত ৰাখিব, জ্বৰ হোৱা মানে কেৱল Corona Virus নহব পাৰে । Testing কৰিলেহে আমি তাৰ আচল ফলাফলটো লাভ কৰিব পাৰিম । 
কাৰণ Corona virusৰ অন্যতম ডাঙৰ লক্ষণটোৱে হৈছে খুব বেছি জ্বৰ হোৱা । সেইকাৰণে Testing কৰাটো খুবেই গুৰুত্বপুৰ্ন কথা আমাৰ সকলোৰে ভালৰ কাৰণে ।

Written by: Dipankar Talukdar ( Medical Representative )



Tuesday, April 28, 2020

Rapid Antibody Test মানে কি ? কেনেকৈ কৰা হয় ? কিমান খৰছ পৰে ?

assamese news - rapid antibody test
Rapid antibody test মানে কি ? কেনেকৈ কৰা হয় ? কিমান খৰছ পৰে ?


Rapid Antibody Test মানে কি ? কেনেকৈ কৰা হয় ? কিমান খৰছ পৰে ?


যোৱা কেই সপ্তাহমান পুৰ্বে ICMR (INDIAN COUNCIL OF MEDICAL RESEARCH) ঘোষণা কৰিছে যে COVID19 ৰ HOTSPOT এলেকা সমুহত যেন ৰাজ্য সমুহে Rapid Antibody Test কৰায় ।

Rapid Antibody Test ৰ আগতে ইতিমধ্যে ICMR গাইডলাইন মতে কেৱল RT- PCR (Reverse Transcription Polymerase Chain Reaction) জড়িয়তহে সকলো ভাৰতবৰ্ষতে তেনেকৈ testing কৰায় আছিল যাৰ কাৰণে ফলাফল ওলোৱাতে খুব কম হলেও 7-8 ঘন্টা সময় লাগিছিল কিন্তু ফলাফল কোনো ভুল নোহোৱাকৈ প্ৰদাণ কৰিছিল যাৰ Testing খৰছ আছিল 4500 টকা ।

এতিয়া Rapid Antibody Testing ৰ খৰছ তাৰ তুলনাত বহুত কম মাত্ৰ 500 -600 টকাৰ ভিতৰত হৈ যাব আৰু ফলাফল কেৱল 15-20 মিনিটৰ ভিতৰতে প্ৰদাণ কৰিব । সেইকাৰণে ICMR সকলো ৰাজ্যকে COVID19 Hotspot এলেকা সমুহত Rapid Antibody Test কৰিবলৈ আহ্বান জনাইছে ।

এতিয়া জানো COVID-19 HOTSPOT মানে কি ?


আমি এটা Hotspot বিষয়ে জানো কেৱল সেইটো হল আমাৰ মোবাইল DATA MB কম থাকিলে বেলেগৰ পৰা Hotspot জড়িয়তে Net লব পাৰো ।
এতিয়া COVID19 Hotspot মানে হল যিখন ঠাইৰ কোনো এটা এলেকাত এটাতকৈ অধিক লোক COVID19 Corona Virus আক্ৰান্ত হৈছে সেই গোটেই এলেকাটোক COVID19 Hotspot হিচাপে নাম দিয়া ।

এতিয়া মুল কথা হল, RAPID ANTIBODY TEST মানে কি আচলতে ?

মই আগতে COVID19 Plasma Therapy ওপৰত অকণমান কিবা এটা লিখিছিলো যদি কোনোবাই পঢ়িছে বা বুজি পাইছে তেন্তে মোৰ পিছৰ কথা খিনি বুজি পাব আৰু যদি কোনোবাই পঢ়া নাই  PLASMA THERAPY POST   গৈ পঢ়িব পাৰে ।
Rapid Antibody Test মানে আচলতে যদি কোনোবা ব্যক্তিৰ দেহত Corona Virus লক্ষণ কিবা দেখা দিছে তাক কেৱল Rapid Antibody Test কৰা হব ।
কেনেকৈ কৰা হব ?
আমাৰ কিবা বেমাৰ হলে যেনেকৈ তেজ পৰীক্ষা কৰা হয় ঠিক তেনেকৈ আপোনাৰ পৰা অকণমান তেজ লব আৰু সেইটো Medical Lab পৰিক্ষা কৰা হব ।
আপুনি যদি সচাকৈ Corona Virus Positive হয় বা সংক্ৰান্ত হয় তাক কেনেকৈ গম পাব ?

যেতিয়া আপোনাৰ পৰা তেজ খিনি Medical Lab লৈ নি পৰীক্ষা কৰিব তেতিয়া কেইটা মান বস্তু তেওলোকে চাব ।
সেইখিনি বস্তু হল, যিহেতু মই আগতে কৈছো আমাৰ দেহত যদি কিবা ভাইৰাছ বা বেক্টৰিয়া সোমায় আৰু আমাৰ তেজত থকা কেৱল Plasma নামৰ উপাদান টোহে তাৰ বিৰুদ্ধে যুজিবলৈ কিছুমান সৈনিক তৈয়াৰ কৰিব আৰু সেই সৈনিক সকলক কোৱা Antibody ।
যেনেকৈ আমাৰ ভাৰতক কোনোবা শত্ৰু দেশে আক্ৰমণ কৰিব আহিলে ভাৰতৰ কিছুমান বেলেগ বেলেগ বাহিনী আছে যেনে সামৰিক বাহিনী, নৌ বাহিনী বা বিমান বাহিনী ঠিক তেনেকৈ আমাৰ দেহত কোনোবা ভাইৰাছ বা বেক্টেৰিয়া সোমালে তাক আক্ৰমণ কৰিবলৈ আমাৰ তেজত থকা plasma উপাদানটোৱে কিছুমান বিভাগীয়া Antibody সৈনিক তৈয়াৰ কৰে ।

কোনো ভাইৰাছ দেহৰ ভিতৰত সোমোৱাৰ লগে লগে প্ৰথমতে তেজৰ Plasma উপাদানটোৱে IgM যাক কোৱা হয় Immunoglobulin বুলি কিছুমান Antibody সৈনিক তৈয়াৰ কৰিব ভাৱি লওক igm মানে সামৰিক বাহিনী । যদি কিবা কাৰণ ত antibody IgM অৰ্থাৎ সামৰিক বাহিনীটোৱে সেই ভাইৰাছৰ সৈতে যুদ্ধত জিকিব নোৱাৰে তেতিয়া অকণমান শক্তিশালী antibody সৈনিক তৈয়াৰ কৰিব যাক কোৱা হয় IgG antibody ভাৱি লওক নৌ বাহিনী । যদি IgG antibody বা নৌ বাহিনী আহি virus ৰ সৈনিক সকলক পৰাস্ত কৰিব পাৰে তেন্তে আপুনি সেই ভাইৰাছৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠিল বুলি ভাৱিব পাৰে । মানে আপুনি আৰোগ্য (recover) হৈ উঠিল ।

এতিয়া যদি আপোনাক অহাকালি Rapid Antibody Testing কৰে তেন্তে কেৱল চোৱা হব আপোনাৰ দেহত COVID19 ভাইৰাছ আছে নে নাই ?


যদি Testing Kit খনত কিবা কাৰণত আপোনাৰ তেজত IgM Antibody ধৰা পৰে তেন্তে বুজিব আপোনাৰ দেহত Corona Virus প্ৰৱেশ কৰিছে । অৰ্থাৎ আপোনাৰ তেজত থকা Plasma উপাদান টোৱে গম পালে যে COVID19 ভাইৰাছ টো আপোনাৰ দেহৰ ভিতৰত সোমোৱাইছে আৰু লগে লগে সি IgM বুলি Antibody সৈনিক তৈয়াৰ কৰি পেলালে সেইকাৰণে testing kit খনত IgM Antibody ওলাইছে ।
যদি আপোনাক Rapid testing কৰোৱাৰ পিচত সম্পূৰ্ণ COVID19 Negative ওলায় তেন্তে বুজিব আপোনাৰ দেহত Corona Virus প্ৰৱেশ কৰা নাই ।

তেতিয়া IgM Antibody ফলাফল নোলায় ।

যেতিয়া কোনো এজন ব্যক্তি COVID19 পৰা সম্পূৰ্ণ ৰুপে আৰোগ্য হৈ উঠিছে যদি তেওক Rapid Antibody Testing Kit খনৰে Test কৰায় তেতিয়াহে Antibody IgG বুলি ফলাফল ওলাব Testing Kit খনত । মানে তেও COVID19 পৰা আৰোগ্য হৈ উঠিল অৰ্থাৎ দেহৰ ভিতৰত থকা Corona Virus ৰ কোনো সৈনিক নাই সকলো মৃত্যু ঘটিল ।

Wednesday, April 22, 2020

Plasma therapy ৰে COVID-19 আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিব পাৰি ?


Plasma Therapy Assamese
Plasma Therapy Assamese


Plasma therapy ৰে COVID-19 আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিব পাৰি ?


সেই Plasma therapy কিনো হয় আচলতে ? আপোনালোকক সহজ ভাষাত অকণমান মই বুজাবলৈ চেষ্টা কৰিবলৈ বিচাৰিছো !

এতিয়া জানো আহক Plasma কি আচলতে ?

আমাৰ সকলোৰে দেহত তেজ আছে । তেজত বহুতো উপাদান মিহলি হৈ থাকে l কি কি থাকে কিমান শতাংশকৈ থাকে -

1. Red blood cells (45%)

2. White blood cells & platelet(1%)

3. Plasma (55%)

আমি গম পালো তেজত plasma নামৰ উপদানটো আটাইতকৈ বেছিকৈ থাকে. Plasma মুল কাম হল শৰীৰত থকা Cells বিলাকক খাদ্য যোগান ধৰা আৰু বাহিৰৰ পৰা কোনোবা ভাইৰাছ বা বেক্টেৰিয়া আহিলে তাক আক্ৰমণ কৰি বাহিৰ কৰি দিয়া l

Plasma কেনেকৈ বেক্টেৰিয়া বা ভাইৰাছক আক্ৰমণ কৰিব ?

যেতিয়া কোনো নতুন ভাইৰাছ বা বেক্টেৰিয়া শৰিৰীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিব তেতিয়াই তেজত থকা plasma লগে লগে সিহতৰ লগত যুদ্ধ কৰিব পাৰাকৈ কিছুমান সৈনিক তৈয়াৰ কৰিব আৰু সেই সৈনিক কেইজনক কোৱা হয় antibody, যেতিয়া plasma তৈয়াৰ কৰা সৈনিক (antibody) কেইজনে যদি ভাইৰাছ বা বেক্টেৰিয়াৰ সৈতে যদি যুদ্ধ কৰি সিহতক পৰাস্ত কৰাব পাৰে তেন্তে আপোনাৰ শৰীৰটো সম্পূৰ্ণ ৰোগমুক্ত হৈ থাকিব আৰু plasma তৈয়াৰ কৰা সৈনিক (antibody) সকলে ভাইৰাছৰ সৈনিক সকলৰ সৈতে যদি জিকিব নোৱাৰে তেন্তে পিছদিনা ডাক্তৰক ফোন কৰিব লাগিব । অৰ্থাৎ আপোনাৰ শৰীৰটো বেমাৰত পৰিব ।

এতিয়া মুল কথা হল, Plasma therapy কি বস্তু ?

ধৰা হল, আপুনি কোনো এটা বেমাৰৰ পৰা সুস্থ হৈ উঠিল তাৰপিছত দেখিলে আপোনাৰ যি বেমাৰ হৈছে আপোনাৰ বন্ধু জনৰো সেই একেটা বেমাৰত ভুগি আছে আপোনাৰ বন্ধু জনক যদি আপুনি সেইটো বেমাৰৰ পৰা বচাব বিচাৰে তাৰ ঔষধটো আপোনাৰ লগতে আছে । সেইটো ঔষধটো হল, আপোনাৰ তেজত থকা Plasma অকণমান দান কৰিলেহে আপোনাৰ বন্ধুজনে সুস্থ হৈ উঠিব পাৰে । ( সকলো বেমাৰৰ ক্ষেত্ৰত Plasma therapy প্ৰযোজ্য নহব পাৰে )
এতিয়া কথা হল, আপুনি আপোনাৰ বন্ধু জনক বচাব বিচাৰিলে বাৰু কিন্তু কেনেকৈনো আপুনি Plasma দিবলৈ পাৰিব ?
প্ৰথমতে, Medical স্বাস্থ্য কৰ্মী আপোনাৰ ওচৰলৈ আহি আপোনাৰ পৰা আধা লিটাৰ মান তেজ উলিয়াই লব । তাৰপিছত আপোনাৰ তেজ খিনি লেবৰটৰী লৈ গৈ আপোনাৰ তেজৰ পৰা কেৱল Plasma উপাদানটোহে উলিয়াই লব যাৰ ৰং হালধীয়া । সেই Plasma খিনি আপোনাৰ বন্ধু জনৰ শৰীৰত সোমোৱাই দিয়া হব । সেই P lasma খিনিক কোৱা হয় Convalescent Plasma ।

Convalescent মানে যিয়ে কোনো এটা বেমাৰৰ পৰা আৰোগ্য (Recover) হৈ উঠিছে । সেইকাৰণে কেৱল আৰোগ্য হৈ উঠা ব্যক্তি জনৰ পৰা হে Plasma নিব লাগিব নহলে যিকোনো ব্যক্তিৰ পৰা Plasma ললে কাম নকৰিব ।

এতিয়া মুল কথা হল, আপোনাৰ Plasma ৰে আপোনাৰ বন্ধু জন কেনেকৈ আপুনি ভুগা বেমাৰটোৰ পৰা সুস্থ হৈ উঠিব ?
আপুনি যিহেতু বেমাৰটোৰ পৰা সুস্থ হৈ উঠিল তাৰমানে আপোনাৰ plasma ৰ সৈনিক সকলে ( Antibody ) সেই ভাইৰাছ বা বেক্টেৰিয়াটোৰ সৈতে যুজিব পাৰিছে আৰু শেষত জয়ী হল কাৰণে আপুনি সুস্থ হৈ উঠিল । এতিয়া যিহেতু আপোনাৰ বন্ধু জনে আপুনি ভোগা সেই একেটা বেমােৰতে ভুগি আছে যদি সোনকালে সুস্থ হৈ উঠা নাই তাৰ মানে তেওৰ Plasma তৈয়াৰ কৰা সৈনিক সকল (Antibody) দুৰ্বল সেইকাৰণে তেওক ডাক্তৰে চিকিৎসা কৰিও তেও সুস্থ হৈ উঠিব পৰা নাই । যিহেতু দুয়োৰে বেমাৰ এটা সেইকাৰণে আপোনাৰ Plasma তৈয়াৰ কৰা শক্তিশালী Antibody সৈনিক সকলক আপোনাৰ বন্ধুৰ দেহলৈ প্ৰেৰণ কৰা হৈছে যাতে সেই Antibody সৈনিক সকলে আপোনাৰ বন্ধুৰ দেহত থকা ভাইৰাছৰ সৈনিক সকলক পৰাস্ত কৰিব পাৰে । আমাৰ দেহৰ antibody সৈনিক সকলে যদি এবাৰ ভাইৰাছৰ সৈনিক সকলক পৰাস্ত কৰিব পাৰিছে তাক আপুনি নমৰা লৈকে সিহতে আপোনাক সেইসকল ভাইৰাছৰ সৈনিকৰ পৰা ৰক্ষা কৰি থকিব । সেইকাৰণে আমি যেতিয়া কোনো ভাইৰেল বেমাৰৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠিম তেতিয়া চাবছোন আকৌ সি আমাৰ শৰিৰীত তৎক্ষনাৎ প্ৰৱেশ কৰিব নোৱাৰে কাৰণ সেই ভাইৰাছৰ সৈনিক সকলৰ মুখ খন আমাৰ শৰীৰৰ Antibody সৈনিক সকলে একদম সদায়ৰ কাৰণে চিনি থৈ দিয়ে যাতে সি আকৌ আহিলে তাক আক্ৰমাণ কৰি শেষ কৰি দিবলৈ পাৰি।

এতিয়া Corona virus ক্ষেত্ৰত কথাতো এনেকুৱা হৈছে, সেইটো হৈছে সম্পূৰ্ণ নতুন ভাইৰাছ না তাৰ কিবা আধাৰ কাৰ্ড আছে না তাৰ voter ID  আছে ।
সেইকাৰণে আমাৰ শৰীৰৰ antibody সৈনিক সকলেও তাক কেনেকৈ আক্ৰমণ কৰিব পাৰি একো বুজি পোৱা নাই । তাৰ মাজতে যি কেইজন ব্যক্তি corona virus ত সম্পূৰ্ণ সুস্থ হৈ উঠিল সেইসকলৰ শৰীৰৰ antibody সৈনিক সকলে বলেৰে আক্ৰমণ কৰি Corona Virus ৰ সৈনিক সকলৰ মুখ খন সহজে চিনাক্ত কৰিব পাৰিলে আকৌ পুনৰ বাৰ Corona virus সেইটো শৰীৰত প্ৰৱেশ কৰিলে তাক লগে লগে Antibody সৈনিক সকলে আক্ৰমণ কৰিব পাৰিব ।
ঠিক তেনেকৈ, Corona Virus (COVID-19) পৰা সম্পূৰ্ণ সুস্থ হৈ উঠা ব্যক্তিক তেওলোকৰ Plasma ৰে অন্য Corona Virus আক্ৰান্ত ব্যক্তিক সুস্থ কৰিব পাৰা যায় । ইতিমধ্যে চীনেও তেনেকৈ বহু কেইজন ব্যক্তিক সুস্থ কৰি তুলিছিল আৰু আজি আমেৰিকা , ভাৰত সকলো দেশে চেষ্টা কৰি আছে । ভাৰতত এতিয়ালৈ যদিও কোনো corona virus আক্ৰান্ত ব্যক্তিক Convalescent Plasma Therapy কৰোৱা হোৱা নাই কিন্তু সোনকালে কৰিব যেতিয়ালৈ vaccine মুকলি নহয় 

Sunday, April 19, 2020

COVID19, Corona Virus ৰ প্ৰতিষেধক (Vaccine) কেতিয়া আহিব ?

caona virus vaccine
caona virus vaccine


অক্টোবৰ মাহত COVID19, Corona virus ৰ প্ৰতিষেধক (Vaccine) মুকলি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ।
University of Oxford ৰ Professor তথা বিশিষ্ট Vaccinologist SARAH GILBERT ৰ এক বিশেষ দলৰ Leadership ত ইতিমধ্যে COVID19 ৰ প্ৰতিষেধক তৈয়াৰ কৰাত লাগি আছে । যিটো প্ৰতিষেধৰ নাম ChAdOx1 nCoV-19 বুলি ইতিমধ্যে প্ৰকাশ কৰিছে । Prof. GILBERT য়ে দাবী কৰা মতে , আমি আক্টোবৰ মাহৰ প্ৰথম ভাগতে প্ৰতিষেধক (Vaccine) মুকলি কৰি দিবলৈ পাৰিম ।

Prof. Gilbert য়ে কেনেকৈ ইমান দাবী কৰি কবলৈ পাৰিলে আচলতে তেওঁ কোন ?
Prof. Gilbert এগৰাকী বৃটিছ বিখ্যাত Vaccinologist, তেও 1994 চনৰ পৰা viral flue ৰ vaccine তৈয়াৰ কৰা কামত লাগি আহিছে । সেইকাৰণে তেও দাবী কৰি কবলৈ পাৰিছে যে তেওলোকে অক্টোবৰ মাহৰ প্ৰথম ভাগত vaccine মুকলি কৰাব পাৰিব ।
তাৰ আৰম্ভণি কাম কাজৰ কাৰণে ইতিমধ্যে UK National Institute For Health Reserch ৰ ফালৰ পৰা team prof. Gilbert ক 2.3 million dollar প্ৰদাণ কৰিছে যাৰ ভাৰতীয় মুদ্ৰা হিচাপত 23 -24 লাখ মান হব ।
অহা মে মাহৰ মাজ ভাগৰ পৰা prof. Gilbert দলে, Vaccine Human Trial Testing অৰ্থাৎ আৰম্ভণিতে 500 জন Healthy মানুহৰ গাত সেই vaccine test কৰিব কাৰণে কাম আৰম্ভ কৰিব ।

যদি সকলো ঠিক মতে কাম বোৰ হৈ উঠে তেন্তে আমি অক্টোবৰ মাহৰ মাজ ভাগৰ পৰা প্ৰতিষেধক পাম বুলি আশা কৰিব পাৰি ।

আমেৰিকা ৰাষ্ট্ৰপতিয়ে বিশ্ব স্বাস্থ্য সংস্থা (World Health Organisation) ক পইচা নিদিও বুলি কিয় ঘোষণা কৰিলে ?

Assamese News
Assamese News
বৰ্ত্তমান আন্তৰাষ্ট্ৰীয় (International) প্ৰেক্ষাপটৰ চৰ্চাত থকা ডাঙৰ খবৰটো হল COVID-19 চলি থকা দূৰ্যোগৰ সময়খিনিত কিয় আমেৰিকা ৰাষ্ট্ৰপতিয়ে বিশ্ব স্বাস্থ্য সংস্থা (World Health Organisation) ক পইচা নিদিও বুলি কিয় ঘোষণা কৰিলে ?

জানো আহক,আমেৰিকা চৰকাৰীভাৱে কিমান টকা বিশ্ব স্বাস্থ্য সংস্থাক প্ৰতি বছৰে প্ৰদাণ কৰে ?
আমেৰিকা পইচা নিদিলে বিশ্ব স্বাস্থ্য সংস্থাৰ কি ক্ষতি হব পাৰে ? সকলো বিলাক জানো আহক
প্ৰথমতে চমুকৈ জানো আহক বিশ্ব স্বাস্থ্য সংস্থা আচলতে কি ?
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO এটা ৰাষ্ট্ৰ সংঘৰ তলতীয়া বিশেষ বেচৰকাৰী সংস্থা । জন্ম হৈছিল 1948 চনৰ 7 এপ্ৰিল তাৰিখে মুল উদ্দেশ্য আছিল আন্তৰ্জাতিক ভাৱে বিশ্বৰ সকলো দেশক স্বাস্থ্য (Health) ক্ষেত্ৰত সহায় কৰা যাৰ মুখ্য কাৰ্যলয় ছুইজাৰলেণ্ডৰ জেনেভাত ।
যেনেকৈ আজি বিশ্ব মহামাৰী COVID-19 ৰ সকলো কাম কাজ সমুহ আন্তৰ্জাতিকভাৱে বিশ্ব স্বাস্থ্য সংস্থাই পৰ্যবেক্ষণ (Observation) কৰি থকাৰ লগতে তাক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সকলো বিলাক পৰামৰ্শ বিশ্ব স্বাস্থ্য সংস্থা প্ৰদাণ কৰি থকা বুলি কলে ভুল কোৱা নহব ।

মুল কথা হল, বিশ্ব স্বাস্হ্য সংস্থাক কোনে পইচা যোগান ধৰে আৰু কৰ পৰা লাভ কৰে ?
বিশ্ব স্বাস্থ্য সংস্থাক প্ৰতি বছৰে বিশ্বৰ দেশ সমুহে সামাৰ্থ অনুসৰি 50 হাজাৰ কোটিতকৈ অধিক টকা প্ৰদাণ কৰে ।
সকলো দেশৰ ভিতৰত কেৱল আমেৰিকা চৰকাৰীভাৱে অকলে বিশ্ব স্বাস্থ্য সংস্থাক বছৰি 5-6 হাজাৰ কোটি টকাতকৈ অধিক টকা প্ৰদান কৰে আৰু আমেৰিকা সবাতোকৈ ধনী ব্যক্তিজন BILL GATES অকলে ব্যক্তিগতভাৱে বছৰি 4-5 হাজাৰ কোটি টকা প্ৰদাণ কৰে, কবলৈ গলে আমেৰিকা সকলোতকৈ বেছি পইচা প্ৰদাণ কৰে বিশ্ব স্বাস্থ্য সংস্থাক । আমেৰিকা তুলনাত চীনে দহ গুনতকৈ কম পইচা প্ৰদাণ কৰে ।
ভাৰতে যিমান খিনি পইচা প্ৰদাণ কৰে চাব গলে চীনেও সিমান খিনিয়ে পইচা প্ৰদাণ কৰে ।


আমেৰিকা ৰাষ্ট্ৰপতি DONALD TRUMP ৰ কিয় বিশ্ব স্বাস্হ্য সংস্থাৰ ওপৰত খং উঠিল ?
যেতিয়া COVID 19 চীনত পোন প্ৰথমে আৰম্ভ হৈছিল তাৰপিছত বিশ্ব স্বাস্থ্য সংস্থাৰ বৰ্ত্তমানৰ Director General TEDROS ADHANOM এটা দল লৈ চীনলৈ COVID19 কাৰণে পৰ্যবেক্ষণ কৰিব গৈছিল । তাৰপিছত চীনৰ কিছুমান কাম কাজৰ ওপৰত সন্ত্তষ্ট হৈ বিশ্ব স্বাস্থ্য সংস্থাৰ Director ৰে চীনকে প্ৰশংসা কৰিছিল ।

তেতিয়া DONALD TRUMP ৰ বিশ্ব স্বাস্হ্য সংস্থাৰ ওপৰত অভিযোগ হল যে, কিয় প্ৰথমতে চীনে COVID19 লুকাইছিল ? কিয় চীনে দেৰিকে বিশ্বক খবৰটো জনাইছিল ? কিয় বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ প্ৰতি নৰম স্থিতি গ্ৰহণ কৰিলে ?
কোৱা হয়, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান মুৰব্বীজন অকণমান চীনৰ ফলিয়া । সেইটো কিমান সচা সময়ে কব ।
এই সকলোবিলাক কথা ওপৰত অভিযোগ কৰি অমেৰিকা ৰাষ্ট্ৰ পতি DONALD TRUMP বিশ্ব স্বাস্থ্য সংস্থাক পইচা প্ৰদাণ নকৰো বুলি ঘোষণা কৰিছে ।

আমেৰিকা চৰকাৰী ভাৱে পইচা প্ৰদাণ নকৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ কি ক্ষতি হব ?
আমেৰিকা ৰাষ্ট্ৰ পতিৰ এই সিদ্ধান্তক বহুতো দেশে ইতিমধ্যে ভুল হোৱা বুলি আখ্যা দিছে । কাৰণ COVID19 এই দুৰ্যোগৰ সময়চোৱাত বিশ্ব স্বাস্হ্য সংস্থাক বহুতো পইচাৰ প্ৰয়োজন তেনেস্থলত আমেৰিকা তেনেকুৱা কৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ বহুতো ক্ষতি হব পাৰে বুলি বহুতো দেশে ইতিমধ্যে উল্লেখ কৰিছে ।

একাংশ আন্তৰাষ্ট্ৰীয় বুদ্ধিজীৱিৰ মতে , আমেৰিকা ৰাষ্ট্ৰ পতি DONALD TRUMP য়ে সকলো বিলাক দোষৰ পৰা নিজকে বচাবলৈ এইবিলাক কৰিবলৈ লৈছে । কাৰণ DONALD TRUMP য়ে আৰম্ভণিতে CORONA ভাইৰাছক গুৰুত্ব সহকাৰে নললে যাৰ ফলত আমেৰিকাত আজি বহুতো লোক মৃত্যু মুখত পৰি আছে আৰু ডেৰ লাখতকৈ অধিক লোক আক্ৰান্ত হৈ আছে । যাৰ ফলত আমেৰিকা যথেষ্ট বিত্তীয় সংকটত পৰিবলৈ লৈছে আৰু বহুতো নাগৰিকৰ চাকৰিও হেৰুৱাৰ সম্ভৱনা আছে । 

বৰ্ত্তমান DONALD TRUMP ৰ আটাইতকৈ মুল চিন্তা কাৰণ হল , এইবছৰ আমেৰিকা ৰাষ্ট্ৰ পতি নিৰ্বাচন । যদি সকলো দোষত DONALD TRUMP পৰে তেন্তে DONALD TRUMP হাৰি যাওতে বেছি সময় নালাগে । যাৰ কাৰণে DONALD TRUMP য়ে এইবিলাক সিদ্ধান্ত লবলৈ ধৰিছে ।
এই সকলো বিলাক ধাৰাণা কেৱল একাংশ বুদ্ধি জীৱিৰ হে ।
সচা কথা কবলৈ গলে , বিশ্ব স্বাস্থ্য সংস্থাৰ অকণমান নি:সন্দেহে ভুল আছে । কাৰণ বিশ্ব স্বাস্থ্য সংস্থাৰ DIRECTOR OF GENERAL "TEDROS ADHANOM " য়ে চীনক এতিয়াও সাহস কৰি বহুতো কথা সুধিবলৈ পাৰা নাই ।
কিয় চীনে প্ৰথমতে Corona Virus লুকুৱাইছিল ? কিয় বিশ্বাবাসীক দেৰিকে অৱগত কৰাইছিল ?

Friday, April 10, 2020

আমেৰিকা ৰাষ্ট্ৰপতি DONALD TRUMP কিয় ভাৰতবৰ্ষৰ পৰা সহায় হিচাপে Hydroxychloroquine বিচাৰিছিল ?


Donald Trump needs HCQ tablets
Donald Trump needs HCQ tablets

COVID19 আক্ৰান্ত ব্যক্তিক Hydroxychloroquine দিলে ভাল হয় নে বেয়া সেইটো এবাৰ আমেৰিকাৰ FDA (Food and drug administrative) য়ে পৰিক্ষা কৰিছিল আৰু তাতো সেই একে দেখাইছিল যে Hydroxychloroquine টেবলেট Covid 19 আক্ৰান্ত ব্যক্তিক দিব পাৰি, তাৰ পিছত US FDA পৰামৰ্শ মতে আমেৰিকা ৰাষ্ট্ৰপতি Donald trump য়ে ভাৰতৰ পৰা সৰহকৈ Hydroxychloroquine টেবলেট বিচাৰিছিল.

এতিয়া কথা হল,অৰ্থনৈতিক ভাৱে ইমানধনী দেশ খনে কিয় Hydrooxychloroquine টেবলেট উৎপাদন নকৰে ?
মুল কথা হল, আমেৰিকাও নিজকৈ Hydroxychloroquine উৎপাদন কৰে কিন্তু ভাৰতে যিমান উৎপাদন কৰে তাৰ তুলনাত বহু গুনে কম উৎপাদন কৰে, কাৰণ আমেৰিকাত তেনেকৈ মেলেৰিয়া বেমাৰী ভাৰতৰ নিচিনাকৈ ওলায় নাথাকে

ভাৰতে কিছুদিন আগলৈকে Hydroxychloroquine বা paracetamol এনেকুৱা ধৰাণৰ মেডিছিন ৰপ্তানি (Export) ক্ষেত্ৰত বন্ধ কৰিছিল যাতে ভাৰতত কম নপৰে পিছত...কিন্তু যেতিয়া আমেৰিকা ৰাষ্ট্ৰপতিয়ে নিজে ভাৰতৰ প্ৰধাণ মন্ত্ৰিক এই দুৰ্যোগৰ সময়ত সহায় বিচাৰিছে তাৰ কাৰণে ভাৰত চাৰকৰে সেই সেই মেডিচিন সমুহৰ ৰপ্তানি (export) প্ৰতিবন্ধকতা আংশিক ভাৱে উঠাই লোৱাৰ সিদ্ধান্ত ললে আৰু ভাৰত চৰকাৰে সিদ্ধান্ত ললে যে কেৱল আমেৰিকা বুলি নহয় covid19 য়ে কোঙা কৰি পেলোৱা প্ৰায়ভাগ দেশকে ভাৰতে Hydroxychloroquine ৰপ্তানি(export) কৰিব

বৰ্ত্তমান ভাৰত চৰকাৰৰ নিৰ্দেশত ভাৰতৰ ব্যক্তিগত মেডিচিন কোম্পানী সমুহে Hydroxychloroquine প্ৰতি সপ্তাহত 20 কোটিতকৈ অধিক টেবলেট উৎপাদন কৰি আছে


এই সকলোবিলাকৰ পিছতো, ভাৰতে আকৌ কিয় চীনৰ সহায় লব লগা হৈছে ?

এটা মেডিচিন টেবলেট তৈয়াৰ কৰিবলৈ যি যি ingredients প্ৰয়োজন হয় তাৰ 80% পৰা 90% ingredients ভাৰতে চীনৰ পৰা আমদানি কৰে(import) কৰে

Ingredients মানে কি আচলতে ?

যেনেকৈ এটা কেক বনাবলৈ আটা, ময়দা, কনি, সকলো বস্তুৰ প্ৰয়োজন হয় তাৰপিছতহে আমি সুন্দৰকৈ কেক এটা বনাবলৈ পাৰিম ...ঠিক তেনেকৈ মেডিচিন টেবলেট আদি বনাবলৈ যি যি পদাৰ্থ প্ৰয়োজন হয় সকলোবিলাকক ingredients বুলি কোৱা হয়
চীনৰ Active pharmaceutical ingredients (API) বুলি ব্যক্তিগত কোম্পানী কিছুমানে যথেষ্ট পৰিমানে ingredients উৎপাদন কৰে আৰু সেই বিলাক বেলেগে বেলেগ দেশে মেডিচিন তৈয়াৰ কৰিবলৈ কিনি আনে..আৰু নিজকৈ মেডিচিন তৈয়াৰ কৰে, ঠিক তেনেকৈ ভাৰতেও আগৰ পৰা চীনৰ লগতে অন্যদেশৰ পৰা ingredients আমদানি কৰি অানি নিজকৈ মেডিচিন তৈয়াৰ কৰে

ভাৰতবৰ্ষত যদি মেডিচিন বহুত পৰিমাণে উৎপাদন কৰিব পাৰে কিন্তু ইয়াত Ingredients কিয় উৎপাদন নকৰে ?

প্ৰথম কথা , যদি কোনো ব্যক্তিগত মেডিচিন কোম্পানীয়ে Ingredients উৎপাদন কৰা ফেক্টৰি খুলিবলৈ বিচাৰে তাৰ কাৰণে বহুতো আবেদন নিবেদন চৰকাৰক কৰিব লাগে আৰু চৰকাৰেও ingredients ফেক্টৰি খুলিবলৈ অনুমতি নিদিয়ে সেইকাৰণে ভাৰতৰ ব্যক্তিগত মেডিছিন কোম্পানী সমুহে আজিলৈ বাহিৰৰ পৰা Ingredients কিনি আনি নিজকৈ মেডিছিন উৎপাদন কৰি আছে...
মুল কথা হল, ভাৰত চৰকাৰে কিয় Ingredients ফেক্টৰি খুলিবলৈ অনুমতি প্ৰদাণ নকৰে ?
কাৰণ Ingredients ফেক্টৰি পৰা আটাইতকৈ বেছি প্ৰদুষণ নিৰ্গত হয় সেইকাৰণে ভাৰত চৰকাৰে তাক খুব সহজে অনুমতি প্ৰদাণ নকৰে

সেইকাৰণে আজি ব্যক্তিগত মেডিচিন কোম্পানী সমুহে চৰকাৰ সহযোগত চীনৰ পৰা অধিক পৰিমাণে Ingredients আমদানি(Import) কৰি Hydroxychloroquine উৎপাদন কৰাত লাগি গৈছে

Hydroxychloroquine Tablet (HCQ টেবলেট) খালে COVID19 পৰা মুক্ত হব পাৰি নেকি ?

Hydroxychloroquine চমুকৈ কোৱা হয় HCQ আচলতে কি ? সচাকৈ এইটো টেবলেট খালে COVID19 পৰা মুক্ত হব পাৰি নেকি ?


Hydroxychloroquine Tablet (HCQ
Hydroxychloroquine Tablet (HCQ 

প্ৰথমতে সকলোকে কবলৈ বিচাৰিম, কোনেও যেন ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ HCQ টেবলেট নাখায়
আজিৰ পৰা দুশ বছৰ আগতে দক্ষিণ আমেৰিকাৰ ঘন জংঘলত " চিন'কনা " বুলি এবিধ গছৰ ছালৰ পৰা" কুইনিন" বুলি এটা পদাৰ্থ উলিয়াই আৰু তাত মেলেৰিয়া নিছিনা বেমাৰত ভুগা ৰুগীক সেই গছৰ চালৰ কুইনিন পদাৰ্থ বিধ খাবলৈ দিয়া হৈছিল আৰু সুফল লাভ পাইছিল

পিছত 1930 চনত জাৰ্মান চিকিৎসক বিশেষজ্ঞ তাক কেমিকেল তৈয়াৰ কৰি ক্লৰকুইন (Chloroquine) নাম দিলে আৰু পিছত একেদৰে আৰু অধিক উন্নত মানদণ্ডৰে কেমিকেলি তৈয়াৰ কৰি Hydroxychloroquine বনালে....যাক সাধাৰণতে মেলেৰিয়া নিছিনা ৰোগতহে ৰোগীক খাবলৈ দিয়া হয়

চীনৰ Zhejiang University এক Study মতে COVID19 আক্ৰান্ত কিছুসংখ্যক ৰুগীক Hydroxychloroquine টেবলেট খাবলৈ দিয়া হৈছিল আৰু সেইসকলৰ বেছিভাগ ৰুগী ঠিক হৈছিল.

তাৰপিছত
French ৰ এখন হস্পিতালৰ Study মতে 40 জন COVID19 আক্ৰান্ত ৰোগীক সেই Hydroxychloroquine টেবলেট খাবলৈ দিয়া হৈছিল আৰু তাৰ কিছু সংখ্যক ৰুগী ঠিক হৈ উঠিছিল

এই সকলোবিলাক study পৰিক্ষা নিৰিক্ষা কৰি আমাৰ ভাৰতবৰ্ষ ICMR ( indian council of medical research ) যোৱা 23 মাৰ্চ তাৰিখে HCQ মেলেৰিয়া বেমাৰত দিয়া টেবলেট বিধ COVID19 আক্ৰান্ত ৰুগীকো দিব পাৰি বুলি এক প্ৰস্তাব আগবঢ়ালে আৰু পিছত Drug controler general of india সেই প্ৰস্তাব গ্ৰহণ কৰিবলৈ সন্মত হল

এতিয়া কথা হল, কেনেকুৱা ধৰনৰ ৰোগীক Hydroxychloroquine (HCQ) দিয় হব ?
ICMR Guideline মতে , যিসকল ডাক্তৰ বা নাৰ্চ বা কৰণা ভাইৰাছৰ ৰোগীৰ সৈতে লাগি থকা স্বাস্হ্য কৰ্মী সকলক Prophylaxis treatment কাৰণে অৰ্থাৎ কোনো বেমাৰ হোৱাৰ আগতে তাৰ পৰা অকণমান বাচিব কাৰণে মেডিছিন লোৱা তাৰ কাৰনে তেওলোকে HCQ টেবলেট লব পাৰে কিন্তু নিজকে এবাৰ test কৰিহে লবলৈ দিছে..সেইটো নহয় যে HQC টেবলেট খোৱাৰ পিছত সেইজন ডাক্তৰ বা নাৰ্চ গৰাকীৰ কৰণা ভাইৰাছ নহব পাৰে কিন্তু কিছুপৰিমাণে সকাহ পোৱাৰ অৱকাশ থাকে

আৰু যদি কোনোবা পৰিয়ালৰ ব্যক্তি কৰণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে তেন্তে সেইজন ব্যক্তিৰ সৈতে যিয়ে লাগি থাকে সেইজনেও ডাক্তৰৰ পৰামৰ্শ অনুমতি লৈহে HQC টেবলেত খাব পাৰে
আমাৰ কাৰণে গৌৰৱৰ কথা, বিশ্বৰ ভিতৰত সৰ্বাধিক Hydroxycloroquine টেবলেট আমাৰ ভাৰতবৰ্ষ উৎপাদন কৰে, কাৰণ ভাৰতবৰ্ষত প্ৰতিবছৰে মেলেৰিয়া ৰোগী ওলায় থাকে

আমি এইখিনিতে জানি থোৱা ভাল যে, Hydroxychloroquine টেবলেট চৰকাৰে নিজকৈ উৎপাদণ নকৰে, উৎপাদন কৰে কেৱল ব্যক্তিগত খণ্ডৰ মেডিচিন কোম্পানী সমুহে..যেনে IPCA Pharmaceutical Company, Zydus Cadila Company আৰু তেনেকুৱা বহুতো কোম্পানীৰ আছে 

Hydroxychloroquine টেবলেটৰ বহুত দাম নেকি ?

Hydroxychloroquine সাধাৰণতে 200mg আৰু 400mg আহে যাক কোৱা হয় low dose আৰু high dose, এটা low dose টেবলেটৰ দাম খুব বেছি 4-5 টকাৰ ভিতৰত কিনিব পাৰি আৰু আৰু high dose এটা টেবলেট 12-13 টকা ভিতৰত কিনিব পাৰি
আমেৰিকাত Hydroxychloroquine টেবলেটৰ উৎপাদন নহয় নেকি ? কিয় আমেৰিকা ৰাষ্ট্ৰ পতি Donald Trump য়ে ভাৰতৰ পৰা সহায় হিচাপে Hydroxychloroquine টেবলেট বিচাৰিছে ?


সকলো বিলাক জানিবলৈ পৰৱৰ্তী post লৈ অপেক্ষা কৰক

Wednesday, April 8, 2020

মহামাৰী ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ দিল্লী মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal) কি সেই 5T পৰিকল্পনা (Plaining)

মহামাৰী ক'ৰণা ভাইৰাছৰ ( Pandemic Carona Virus) বিৰুদ্ধে যুদ্ধ কৰিবলৈ দিল্লী মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ( Delhi CM Arvind Kejriwal) কি সেই 5T পৰিকল্পনা ?

Arvind Kejriwal 5T Plaining
Arvind Kejriwal 5T Plaining

1st T -TESTING -বিশ্ব স্বাস্হ্য সংস্থা (world health organisation চমুকৈ WHO ইতিমধ্যে আগতে এমাহ আগতে ঘোষণা কৰিছে যে চৰকাৰে যিমান পৰিমানে চিকিৎসা কৰ্মীৰ সহযোগত মানুহৰ testing কৰিব সিমান পৰিমানে কৰণা ভাইৰাছক ৰুধিবলৈ সহজ হৈ পৰিব..কাৰণ যদি testing ওপৰত বেছি গুৰুত্ব প্ৰদাণ নকৰে তেন্তে কেতিয়াও গম নাপাব কিমান সংখ্যক মানুহ কৰণা ভাইৰাছত হৈছে বা হোৱা নাই. কোন কোন ধৰণৰ মানুহক test কৰিব উদাহৰণস্বৰুপে, যদি কোনোবা ব্যক্তিৰ সাধাৰণ কিবা কাহ চৰ্দি বা জ্বৰত দুই চাৰি দিন মান একেৰাহে ভুগি আছে তেনেকুৱা ধৰণৰ ব্যক্তিক দেৰি নকৰি সোনকালে যেন চিকিৎসা কৰ্মীৰ দ্বাৰা test কৰা হয়..সেইকাৰণে কোৱা হৈছে testing যিমান পৰিমানে হব সিমান পৰিমানে COVID-19 Case ধৰা ধৰিব

2nd T-TRACING- যাৰ অৰ্থ সহজ ভাষাত কোনো বস্তু বা কোনো এজন ব্যক্তিক সম্পূৰ্ণ পৰ্যবেক্ষণ (Observation) ৰখা.যেতিয়া testing কৰাৰ পিছত কোনো এজন ব্যক্তিৰ দেহত কৰণা ভাইৰাছ সংক্ৰমিত পায় তেতিয়া সেইজন ব্যক্তিৰ প্ৰশাসনে recent travel history tracing কৰা হব..মানে সেইজন ব্যক্তিয়ে কোন কোন মানুহৰ সংস্পৰ্শত আছিল তেও কৰ পৰা আহিছিল সকলো বিলাক প্ৰশাসনে পৰিক্ষা নিৰিক্ষা কৰিব তাৰপিছত তেওক 14 দিন কাৰণে home quarantine বা hospital quarantine বা isolation কৰিবলৈ দিয়া যাব. আৰু সেইজন ব্যক্তিয়ে ঠিক মতে home quarantine বা hospital quarantine আছে নে নাই সকলো বিলাক প্ৰশাসনে পৰ্যবেক্ষণ কৰি থাকিব..যাক কোৱা হৈছে tracing

3rd T-TREATMENT- সহজ অৰ্থত চিকিৎসা..যিসকল ব্যক্তি কৰণা ভাইৰাছত ধৰা পৰে তেওলোকৰ কাৰণে সুন্দৰভাৱে চিকিৎসা প্ৰদাণ কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে..যাতে কোনো কৰণা ৰুগীয়ে হস্পিতাল বা ডাক্তৰ-নাৰ্চ বা স্বাস্হ্য কৰ্মীৰ অভাৱত মৃত্যু মুখত পৰিব লগা নহয় তাৰ কাৰণে যাৱতিয়া সকলো ব্যৱস্থা গ্ৰহণ কৰা হব

4th T - TEAM WORK - চৰকাৰ , ডাক্তৰ-নাৰ্চ, ৰুগী, প্ৰশাসন সকলোৱে যেন একেলগে একগোট হৈ কৰণাৰ সৈতে যুদ্ধত জয়ী হব পাৰে তাৰ কাৰণে সকলোৱে সকলোৰে দায়িত্ব আৰু কৰ্তব্য সুন্দৰ ৰুপে পালন কৰে

5th TRECKING MONITORING - এই সকলো বিলাক ঠিক মতে হৈছে নে হোৱা নাই monitoring কৰি থাকিবলৈ বা পৰ্যবেক্ষণ কৰি থাকিবলৈ কিছুমান বিভাগীয় মুৰব্বীক নিয়োগ কৰা. তাৰ লগতে চৰকাৰে তেওলোকৰ লগত সহযোগীতা আগবঢ়োৱা

এই 5 T পৰিকল্পনা পোন প্ৰথমে দক্ষিণ কোৰিয়া গ্ৰহণ কৰিছিল যাৰ কাৰণে কিছু পৰিমাণে হলেও তেওলোকে মহামাৰী কৰণা হৈতে যুজ দিবলৈ সক্ষমো হৈছে.

Be Safe From Carona Virus.
Stay Home, Stay Safe.

Friday, March 27, 2020

India Lockdown - আপোনালোকে কৰিব পৰা কাম ২১ দিনত ONLINE ?

আপোনালোকে কৰিব পৰা কাম ২১ দিনত ONLINE ? 👇


১, নিজৰ এটা ইউটিউব চেনেল। 💰

২, নিজৰ এটা সুন্দৰ ব্লগ বা ৱেবছাইট। 👨‍🏫

৩, কিছুমান ৱেবছাইটত আপুনি জনা কামখিনি কৰি যেনে - Fiver, Upwork Etc. 👨‍💻

৪, Affiliate Marketing কৰি 🛍

৫, ড্ৰপচিপিং কৰি online দোকান বনায় 👔

৬, কিছুমান মানুহৰ লাগতিয়াল কাম-সমূহ কৰি Online 👩‍💻

৭, Online ক্লাছ আৰু অধ্যয়ন কৰি। 👨‍🔬



সকলোৱে এই LOCK DOWN ৰ সময়ছোৱাত নিজৰ নিজৰ ঘৰত থাকি এই খিনি ONLINE কাম যদি কৰে। CORONA ভাইৰাছ ও নাইকিয়া হ'ব আৰু বন্ধৰ দিনকেইটাও এনে নাযায়। 🕧🕐

work from home during lockdown assam
Work From Home 

এতিয়া আপোনাৰ মনত এটা প্ৰশ্নৰ উদয় হ'ব পাৰে যে আমি কেবল ২১ দিন ONLINE ত কাম কৰিলেই পইচা পাম নেকি ?🤔
👉🏽 শুনক মই এই কেইটা উপায় কিহৰ কাৰনে কৈ আছো। ভাবি চাওক। আপুনি ঘৰত এনেই সোমায় থকাতকৈ যদি এই কেইটা কামত মনযোগ দিয়ে, তেন্তে আপোনাৰ এইখিনি সময় বহুত কামত আহিব পাৰে পিছত। কেনেকৈ শুনক।
১, যদি আপুনি ভালকৈ এইখিনি কাম কৰে online পইচা ইনকাম কৰাতো সিমান একো টান কাম নহয়।

২, আপুনি এটা বহুত ডাঙৰ skill শিকি ল'লে।

৩, পিছত আপুনি এইখিনি কাম Part time বা ভাল পইছা আহিলে Fulltime ও কৰিব পাৰে।

৪, আপুনি নিজে বহুত শিকিব পাব।
👨‍🏫 কৰি চাব বুলি আশা কৰিলো।



আহক আমি সকলোৱে মিলি এই মহামাৰী কৰুণা ভাইৰাছ😷 নাইকিয়া কৰো। 👊

My Blogger Tricks © 2012.