Rapid Antibody Test মানে কি ? কেনেকৈ কৰা হয় ? কিমান খৰছ পৰে ?
assamese news - rapid antibody test
Rapid antibody test মানে কি ? কেনেকৈ কৰা হয় ? কিমান খৰছ পৰে ?


Rapid Antibody Test মানে কি ? কেনেকৈ কৰা হয় ? কিমান খৰছ পৰে ?


যোৱা কেই সপ্তাহমান পুৰ্বে ICMR (INDIAN COUNCIL OF MEDICAL RESEARCH) ঘোষণা কৰিছে যে COVID19 ৰ HOTSPOT এলেকা সমুহত যেন ৰাজ্য সমুহে Rapid Antibody Test কৰায় ।

Rapid Antibody Test ৰ আগতে ইতিমধ্যে ICMR গাইডলাইন মতে কেৱল RT- PCR (Reverse Transcription Polymerase Chain Reaction) জড়িয়তহে সকলো ভাৰতবৰ্ষতে তেনেকৈ testing কৰায় আছিল যাৰ কাৰণে ফলাফল ওলোৱাতে খুব কম হলেও 7-8 ঘন্টা সময় লাগিছিল কিন্তু ফলাফল কোনো ভুল নোহোৱাকৈ প্ৰদাণ কৰিছিল যাৰ Testing খৰছ আছিল 4500 টকা ।

এতিয়া Rapid Antibody Testing ৰ খৰছ তাৰ তুলনাত বহুত কম মাত্ৰ 500 -600 টকাৰ ভিতৰত হৈ যাব আৰু ফলাফল কেৱল 15-20 মিনিটৰ ভিতৰতে প্ৰদাণ কৰিব । সেইকাৰণে ICMR সকলো ৰাজ্যকে COVID19 Hotspot এলেকা সমুহত Rapid Antibody Test কৰিবলৈ আহ্বান জনাইছে ।

এতিয়া জানো COVID-19 HOTSPOT মানে কি ?


আমি এটা Hotspot বিষয়ে জানো কেৱল সেইটো হল আমাৰ মোবাইল DATA MB কম থাকিলে বেলেগৰ পৰা Hotspot জড়িয়তে Net লব পাৰো ।
এতিয়া COVID19 Hotspot মানে হল যিখন ঠাইৰ কোনো এটা এলেকাত এটাতকৈ অধিক লোক COVID19 Corona Virus আক্ৰান্ত হৈছে সেই গোটেই এলেকাটোক COVID19 Hotspot হিচাপে নাম দিয়া ।

এতিয়া মুল কথা হল, RAPID ANTIBODY TEST মানে কি আচলতে ?

মই আগতে COVID19 Plasma Therapy ওপৰত অকণমান কিবা এটা লিখিছিলো যদি কোনোবাই পঢ়িছে বা বুজি পাইছে তেন্তে মোৰ পিছৰ কথা খিনি বুজি পাব আৰু যদি কোনোবাই পঢ়া নাই  PLASMA THERAPY POST   গৈ পঢ়িব পাৰে ।
Rapid Antibody Test মানে আচলতে যদি কোনোবা ব্যক্তিৰ দেহত Corona Virus লক্ষণ কিবা দেখা দিছে তাক কেৱল Rapid Antibody Test কৰা হব ।
কেনেকৈ কৰা হব ?
আমাৰ কিবা বেমাৰ হলে যেনেকৈ তেজ পৰীক্ষা কৰা হয় ঠিক তেনেকৈ আপোনাৰ পৰা অকণমান তেজ লব আৰু সেইটো Medical Lab পৰিক্ষা কৰা হব ।
আপুনি যদি সচাকৈ Corona Virus Positive হয় বা সংক্ৰান্ত হয় তাক কেনেকৈ গম পাব ?

যেতিয়া আপোনাৰ পৰা তেজ খিনি Medical Lab লৈ নি পৰীক্ষা কৰিব তেতিয়া কেইটা মান বস্তু তেওলোকে চাব ।
সেইখিনি বস্তু হল, যিহেতু মই আগতে কৈছো আমাৰ দেহত যদি কিবা ভাইৰাছ বা বেক্টৰিয়া সোমায় আৰু আমাৰ তেজত থকা কেৱল Plasma নামৰ উপাদান টোহে তাৰ বিৰুদ্ধে যুজিবলৈ কিছুমান সৈনিক তৈয়াৰ কৰিব আৰু সেই সৈনিক সকলক কোৱা Antibody ।
যেনেকৈ আমাৰ ভাৰতক কোনোবা শত্ৰু দেশে আক্ৰমণ কৰিব আহিলে ভাৰতৰ কিছুমান বেলেগ বেলেগ বাহিনী আছে যেনে সামৰিক বাহিনী, নৌ বাহিনী বা বিমান বাহিনী ঠিক তেনেকৈ আমাৰ দেহত কোনোবা ভাইৰাছ বা বেক্টেৰিয়া সোমালে তাক আক্ৰমণ কৰিবলৈ আমাৰ তেজত থকা plasma উপাদানটোৱে কিছুমান বিভাগীয়া Antibody সৈনিক তৈয়াৰ কৰে ।

কোনো ভাইৰাছ দেহৰ ভিতৰত সোমোৱাৰ লগে লগে প্ৰথমতে তেজৰ Plasma উপাদানটোৱে IgM যাক কোৱা হয় Immunoglobulin বুলি কিছুমান Antibody সৈনিক তৈয়াৰ কৰিব ভাৱি লওক igm মানে সামৰিক বাহিনী । যদি কিবা কাৰণ ত antibody IgM অৰ্থাৎ সামৰিক বাহিনীটোৱে সেই ভাইৰাছৰ সৈতে যুদ্ধত জিকিব নোৱাৰে তেতিয়া অকণমান শক্তিশালী antibody সৈনিক তৈয়াৰ কৰিব যাক কোৱা হয় IgG antibody ভাৱি লওক নৌ বাহিনী । যদি IgG antibody বা নৌ বাহিনী আহি virus ৰ সৈনিক সকলক পৰাস্ত কৰিব পাৰে তেন্তে আপুনি সেই ভাইৰাছৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠিল বুলি ভাৱিব পাৰে । মানে আপুনি আৰোগ্য (recover) হৈ উঠিল ।

এতিয়া যদি আপোনাক অহাকালি Rapid Antibody Testing কৰে তেন্তে কেৱল চোৱা হব আপোনাৰ দেহত COVID19 ভাইৰাছ আছে নে নাই ?


যদি Testing Kit খনত কিবা কাৰণত আপোনাৰ তেজত IgM Antibody ধৰা পৰে তেন্তে বুজিব আপোনাৰ দেহত Corona Virus প্ৰৱেশ কৰিছে । অৰ্থাৎ আপোনাৰ তেজত থকা Plasma উপাদান টোৱে গম পালে যে COVID19 ভাইৰাছ টো আপোনাৰ দেহৰ ভিতৰত সোমোৱাইছে আৰু লগে লগে সি IgM বুলি Antibody সৈনিক তৈয়াৰ কৰি পেলালে সেইকাৰণে testing kit খনত IgM Antibody ওলাইছে ।
যদি আপোনাক Rapid testing কৰোৱাৰ পিচত সম্পূৰ্ণ COVID19 Negative ওলায় তেন্তে বুজিব আপোনাৰ দেহত Corona Virus প্ৰৱেশ কৰা নাই ।

তেতিয়া IgM Antibody ফলাফল নোলায় ।

যেতিয়া কোনো এজন ব্যক্তি COVID19 পৰা সম্পূৰ্ণ ৰুপে আৰোগ্য হৈ উঠিছে যদি তেওক Rapid Antibody Testing Kit খনৰে Test কৰায় তেতিয়াহে Antibody IgG বুলি ফলাফল ওলাব Testing Kit খনত । মানে তেও COVID19 পৰা আৰোগ্য হৈ উঠিল অৰ্থাৎ দেহৰ ভিতৰত থকা Corona Virus ৰ কোনো সৈনিক নাই সকলো মৃত্যু ঘটিল ।

Post a Comment

Previous Post Next Post