Plasma therapy ৰে COVID-19 আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিব পাৰি ?

Plasma Therapy Assamese
Plasma Therapy Assamese


Plasma therapy ৰে COVID-19 আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিব পাৰি ?


সেই Plasma therapy কিনো হয় আচলতে ? আপোনালোকক সহজ ভাষাত অকণমান মই বুজাবলৈ চেষ্টা কৰিবলৈ বিচাৰিছো !

এতিয়া জানো আহক Plasma কি আচলতে ?

আমাৰ সকলোৰে দেহত তেজ আছে । তেজত বহুতো উপাদান মিহলি হৈ থাকে l কি কি থাকে কিমান শতাংশকৈ থাকে -

1. Red blood cells (45%)

2. White blood cells & platelet(1%)

3. Plasma (55%)

আমি গম পালো তেজত plasma নামৰ উপদানটো আটাইতকৈ বেছিকৈ থাকে. Plasma মুল কাম হল শৰীৰত থকা Cells বিলাকক খাদ্য যোগান ধৰা আৰু বাহিৰৰ পৰা কোনোবা ভাইৰাছ বা বেক্টেৰিয়া আহিলে তাক আক্ৰমণ কৰি বাহিৰ কৰি দিয়া l

Plasma কেনেকৈ বেক্টেৰিয়া বা ভাইৰাছক আক্ৰমণ কৰিব ?

যেতিয়া কোনো নতুন ভাইৰাছ বা বেক্টেৰিয়া শৰিৰীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিব তেতিয়াই তেজত থকা plasma লগে লগে সিহতৰ লগত যুদ্ধ কৰিব পাৰাকৈ কিছুমান সৈনিক তৈয়াৰ কৰিব আৰু সেই সৈনিক কেইজনক কোৱা হয় antibody, যেতিয়া plasma তৈয়াৰ কৰা সৈনিক (antibody) কেইজনে যদি ভাইৰাছ বা বেক্টেৰিয়াৰ সৈতে যদি যুদ্ধ কৰি সিহতক পৰাস্ত কৰাব পাৰে তেন্তে আপোনাৰ শৰীৰটো সম্পূৰ্ণ ৰোগমুক্ত হৈ থাকিব আৰু plasma তৈয়াৰ কৰা সৈনিক (antibody) সকলে ভাইৰাছৰ সৈনিক সকলৰ সৈতে যদি জিকিব নোৱাৰে তেন্তে পিছদিনা ডাক্তৰক ফোন কৰিব লাগিব । অৰ্থাৎ আপোনাৰ শৰীৰটো বেমাৰত পৰিব ।

এতিয়া মুল কথা হল, Plasma therapy কি বস্তু ?

ধৰা হল, আপুনি কোনো এটা বেমাৰৰ পৰা সুস্থ হৈ উঠিল তাৰপিছত দেখিলে আপোনাৰ যি বেমাৰ হৈছে আপোনাৰ বন্ধু জনৰো সেই একেটা বেমাৰত ভুগি আছে আপোনাৰ বন্ধু জনক যদি আপুনি সেইটো বেমাৰৰ পৰা বচাব বিচাৰে তাৰ ঔষধটো আপোনাৰ লগতে আছে । সেইটো ঔষধটো হল, আপোনাৰ তেজত থকা Plasma অকণমান দান কৰিলেহে আপোনাৰ বন্ধুজনে সুস্থ হৈ উঠিব পাৰে । ( সকলো বেমাৰৰ ক্ষেত্ৰত Plasma therapy প্ৰযোজ্য নহব পাৰে )
এতিয়া কথা হল, আপুনি আপোনাৰ বন্ধু জনক বচাব বিচাৰিলে বাৰু কিন্তু কেনেকৈনো আপুনি Plasma দিবলৈ পাৰিব ?
প্ৰথমতে, Medical স্বাস্থ্য কৰ্মী আপোনাৰ ওচৰলৈ আহি আপোনাৰ পৰা আধা লিটাৰ মান তেজ উলিয়াই লব । তাৰপিছত আপোনাৰ তেজ খিনি লেবৰটৰী লৈ গৈ আপোনাৰ তেজৰ পৰা কেৱল Plasma উপাদানটোহে উলিয়াই লব যাৰ ৰং হালধীয়া । সেই Plasma খিনি আপোনাৰ বন্ধু জনৰ শৰীৰত সোমোৱাই দিয়া হব । সেই P lasma খিনিক কোৱা হয় Convalescent Plasma ।

Convalescent মানে যিয়ে কোনো এটা বেমাৰৰ পৰা আৰোগ্য (Recover) হৈ উঠিছে । সেইকাৰণে কেৱল আৰোগ্য হৈ উঠা ব্যক্তি জনৰ পৰা হে Plasma নিব লাগিব নহলে যিকোনো ব্যক্তিৰ পৰা Plasma ললে কাম নকৰিব ।

এতিয়া মুল কথা হল, আপোনাৰ Plasma ৰে আপোনাৰ বন্ধু জন কেনেকৈ আপুনি ভুগা বেমাৰটোৰ পৰা সুস্থ হৈ উঠিব ?
আপুনি যিহেতু বেমাৰটোৰ পৰা সুস্থ হৈ উঠিল তাৰমানে আপোনাৰ plasma ৰ সৈনিক সকলে ( Antibody ) সেই ভাইৰাছ বা বেক্টেৰিয়াটোৰ সৈতে যুজিব পাৰিছে আৰু শেষত জয়ী হল কাৰণে আপুনি সুস্থ হৈ উঠিল । এতিয়া যিহেতু আপোনাৰ বন্ধু জনে আপুনি ভোগা সেই একেটা বেমােৰতে ভুগি আছে যদি সোনকালে সুস্থ হৈ উঠা নাই তাৰ মানে তেওৰ Plasma তৈয়াৰ কৰা সৈনিক সকল (Antibody) দুৰ্বল সেইকাৰণে তেওক ডাক্তৰে চিকিৎসা কৰিও তেও সুস্থ হৈ উঠিব পৰা নাই । যিহেতু দুয়োৰে বেমাৰ এটা সেইকাৰণে আপোনাৰ Plasma তৈয়াৰ কৰা শক্তিশালী Antibody সৈনিক সকলক আপোনাৰ বন্ধুৰ দেহলৈ প্ৰেৰণ কৰা হৈছে যাতে সেই Antibody সৈনিক সকলে আপোনাৰ বন্ধুৰ দেহত থকা ভাইৰাছৰ সৈনিক সকলক পৰাস্ত কৰিব পাৰে । আমাৰ দেহৰ antibody সৈনিক সকলে যদি এবাৰ ভাইৰাছৰ সৈনিক সকলক পৰাস্ত কৰিব পাৰিছে তাক আপুনি নমৰা লৈকে সিহতে আপোনাক সেইসকল ভাইৰাছৰ সৈনিকৰ পৰা ৰক্ষা কৰি থকিব । সেইকাৰণে আমি যেতিয়া কোনো ভাইৰেল বেমাৰৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠিম তেতিয়া চাবছোন আকৌ সি আমাৰ শৰিৰীত তৎক্ষনাৎ প্ৰৱেশ কৰিব নোৱাৰে কাৰণ সেই ভাইৰাছৰ সৈনিক সকলৰ মুখ খন আমাৰ শৰীৰৰ Antibody সৈনিক সকলে একদম সদায়ৰ কাৰণে চিনি থৈ দিয়ে যাতে সি আকৌ আহিলে তাক আক্ৰমাণ কৰি শেষ কৰি দিবলৈ পাৰি।

এতিয়া Corona virus ক্ষেত্ৰত কথাতো এনেকুৱা হৈছে, সেইটো হৈছে সম্পূৰ্ণ নতুন ভাইৰাছ না তাৰ কিবা আধাৰ কাৰ্ড আছে না তাৰ voter ID  আছে ।
সেইকাৰণে আমাৰ শৰীৰৰ antibody সৈনিক সকলেও তাক কেনেকৈ আক্ৰমণ কৰিব পাৰি একো বুজি পোৱা নাই । তাৰ মাজতে যি কেইজন ব্যক্তি corona virus ত সম্পূৰ্ণ সুস্থ হৈ উঠিল সেইসকলৰ শৰীৰৰ antibody সৈনিক সকলে বলেৰে আক্ৰমণ কৰি Corona Virus ৰ সৈনিক সকলৰ মুখ খন সহজে চিনাক্ত কৰিব পাৰিলে আকৌ পুনৰ বাৰ Corona virus সেইটো শৰীৰত প্ৰৱেশ কৰিলে তাক লগে লগে Antibody সৈনিক সকলে আক্ৰমণ কৰিব পাৰিব ।
ঠিক তেনেকৈ, Corona Virus (COVID-19) পৰা সম্পূৰ্ণ সুস্থ হৈ উঠা ব্যক্তিক তেওলোকৰ Plasma ৰে অন্য Corona Virus আক্ৰান্ত ব্যক্তিক সুস্থ কৰিব পাৰা যায় । ইতিমধ্যে চীনেও তেনেকৈ বহু কেইজন ব্যক্তিক সুস্থ কৰি তুলিছিল আৰু আজি আমেৰিকা , ভাৰত সকলো দেশে চেষ্টা কৰি আছে । ভাৰতত এতিয়ালৈ যদিও কোনো corona virus আক্ৰান্ত ব্যক্তিক Convalescent Plasma Therapy কৰোৱা হোৱা নাই কিন্তু সোনকালে কৰিব যেতিয়ালৈ vaccine মুকলি নহয় 

Post a Comment

Previous Post Next Post