আয়ুৰ্বেদিক অশ্বগন্ধাই Corona Virus ৰ সৈতে যুদ্ধ কৰিব পাৰে ।
ayurvedic assaghandha and corona virus
ayurvedic ashwagandha and coronavirus



দিনক দিনে COVID19 আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈ আছে । আমাৰ সকলোৰে এটা কেৱল চিন্তা Corona Virus ৰ ভেকচিন বা মেডিছিন কেতিয়ালৈ আহিব আৰু আমি কেতিয়ালৈ আগাৰ নিছিনকৈ স্বাভাৱিক জীৱন লাভ কৰিব পাৰিম



মই এইকেদিন অকণমান Medical Journal Science বিলাকৰ তথ্যৰ ওপৰতে অধ্যয়ণ কৰি আছো লগতে মই নিজে যিহেতু এজন এলোপেথিক মেডিছিন কোম্পানীৰ কৰ্মচাৰী সেইকাৰণে Medical Science ৰ কিছুমান কথা বুজি পোৱাত মোৰ কাৰণে সহজ হৈছে ।


মই আজি আপোনালোকক যিখিনি কথা কবলৈ বিচাৰিছো সেইখিনি সম্পূৰ্ণ অধ্যয়ন কৰিহে মই কবলৈ চেষ্টা কৰিছো ।

আমি সকলোৱে জানো ভাৰতবৰ্ষত আদি পৰম্পৰা পৰা আয়ুৰ্বেদিক ঔষধৰ প্ৰচলণ চলি আহিছে । আমাৰ কিছুমান বেমাৰ এলোপেথিক ঔষধে কাম নিদিলিও কিন্তু আয়ুৰ্বেদিক ঔষধে কাম দিয়া দেখা যায় ।


আমি আয়ুৰ্বেদিক ঔষধিক গুণা গুন থকা অশ্বাগন্ধাৰ নাম চাগে বহুতে শুনিছো । যদি কোনোবাই নামটো শুনা নাই Google বা YouTube গৈ ভালদৰে চালে বুজি পাব ।


অশ্বাগন্ধা আমাৰ দেহৰ বহুতো বেমাৰ ঠিক কৰিব পাৰে যেনে - কাহ, চৰ্দি, উশাহ-নিশাহ লোৱাত অসুবিধা আদি বহুতে বেমাৰ আয়ুৰ্বেদিক ঔষধ হিচাপে অশ্বগন্ধা ভাল কৰিব পাৰে ।


আমি সকলোৱে জানো , কোনোবা ব্যক্তি Corona Virus আক্ৰান্ত হলে প্ৰধান লক্ষণ সমুহ হৈছে কাহ, চৰ্দি আৰু উশাহ-নিশাহ লোৱাত কষ্ট হোৱা ।

অলপতে , দিল্লী IIT ৰ Bio Technology বিভাগ আৰু জাপানৰ Science Bio Technology একেলগে লগ লাগি COVID19 কাৰণে আয়ুৰ্বেদিক ওষধৰ ওপৰত এটা গৱেষণা কৰিছিল । সেই গৱেষণাত পোৱা গৈছে যে, আয়ুৰ্বেদিক অশ্বগন্ধাই Corona Virus ৰ সৈতে যুদ্ধ কৰিব পাৰে ।

আপুনি হওতো এতিয়া ভাৱিছে, ডাঙৰ ডাঙৰ আধুনিক চিকিৎসা বিজ্ঞানী সকলে দিন ৰাত কষ্টকৰি corona virus ৰ কোনো এলোপেথিক মেডিচিন উলিয়াৱ পৰা নাই আৰু আয়ুৰ্বেদিক অশ্ব গন্ধা কেনেকৈ corona virus ভাল কৰিব পাৰিব ।


এতিয়া জানো আহক, corona virus ৰ আটাইতকৈ শক্তিশালী প্ৰটিন বিধে আমাৰ শৰীৰত প্ৰৱেশ কৰিলে আমাক কি কি ক্ষতি কৰে ?

আমাৰ সকলোৰে দেহত যেনেকৈ প্ৰটিন বুলি বস্তু এটা থাকে যাৰ ফলত আমি সম্পূৰ্ণ সুস্থ (Active) হৈ থাকিব পাৰো ঠিক তেনেকৈ corona virus ৰ দেহতো এটা প্ৰটিন থাকে সেইটো প্ৰটিনৰ সহায়ত কাৰোবাৰ দেহত সোমালে সি এটাৰ পৰা হাজাৰটা, হাজাৰটা পৰা লাখলৈ নিজকে সৃষ্টি কৰে অৰ্থাৎ corona virus দেহৰ ভিতৰত সোমোৱাৰ লগে লগে সি multiple ভাইৰাছ সৃষ্টি কৰি দিয়ে । সেইকাৰণে আমাৰ শৰীৰৰ immune system টোৱে যুদ্ধ কৰি কৰি শেষত হাৰ মানিব লগা হৈ যায় । যেতিয়া হাৰ মানে তেতিয়া আপোনাৰ দেহত corona লক্ষণ সমুহ দেখা দিবলৈ আৰম্ভ কৰে ।


এতিয়া জানো আহক, Corona virus দেহত থকা প্ৰধাণ প্ৰটিন বিধৰ নাম কি ?

CORONA VIRUS দেহত থকা প্ৰধান প্ৰটিন বিধৰ নাম হৈছে MPRO যিয়ে আমাৰ দেহৰ ভিতৰত প্ৰৱেশ কৰিলে corona virus ক Multiples কৰাত মুখ্য ভুমিকা গ্ৰহণ কৰে ।


এতিয়া মুল কথাটো জানো আহক, আয়ুৰ্বেদিক মেডিচিন অশ্বগন্ধা কেনেকৈ corona ৰ সৈতে যুদ্ধ কৰি আমাক তাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰে ?

ইতিমধ্যে দিল্লী IIT ৰ Bio technology বিভাগ আৰু জাপানৰ science technology য়ে একেলগে কৰা গৱেষণাত ধৰা পৰিছে যে, অশ্বগন্ধাই corona virus ৰ দেহত থকা প্ৰধান প্ৰটিন Mpro ক নিস্ক্ৰীয় (inactive) বা block কৰি দিব পাৰে । অশ্বগন্ধাত এটা উইথানন বুলি এটা পদাৰ্থ থাকে সেই পদাৰ্থটৱে corona virus ৰ Mpro প্ৰটিন বিধক নিস্ক্ৰিয় (inactive) কৰিব পাৰে । যেতিয়া corona virus দেহত থকা Mpro প্ৰটিন বিধ সম্পূৰ্ণকৈ নিস্ক্ৰীয় (inactive) হৈ যায় তেতিয়া সি আমাৰ দেহত আৰু multiples ভাইৰাছৰ সৃষ্টি কৰিব নোৱাৰে । তেতিয়া আমাৰ দেহত এটা বা দুটা corona virus সোমালেও আমাক একো ক্ষতি কৰিব নোৱাৰে । আমাৰ দেহৰ immune system টোৱে তাক সহজে আক্ৰমণ কৰিব কৰি আমাক তাৰ পৰা ৰক্ষা কৰিব ।



এতিয়া মুল কথা হল, অশ্বগন্ধা পাব ক'ত?

আজিকালি বহুতো আয়ুৰ্বেদিক মেডিচিন কোম্পানীৰ অশ্বগন্ধা টেবলেট নাইবা পাউদাৰৰে তৈয়াৰ কৰে । ভালদৰে চালি জাৰি চাই ভাল কোম্পানীৰ তৈয়াৰি অস্বগন্ধা কিনিব পাৰে ।



Written By: Dipankar ( A Medical Representative)


dipankar talukdar fulfill your dream


Post a Comment

Previous Post Next Post