Hydroxychloroquine Tablet (HCQ টেবলেট) খালে COVID19 পৰা মুক্ত হব পাৰি নেকি ?
Hydroxychloroquine চমুকৈ কোৱা হয় HCQ আচলতে কি ? সচাকৈ এইটো টেবলেট খালে COVID19 পৰা মুক্ত হব পাৰি নেকি ?


Hydroxychloroquine Tablet (HCQ
Hydroxychloroquine Tablet (HCQ 

প্ৰথমতে সকলোকে কবলৈ বিচাৰিম, কোনেও যেন ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ HCQ টেবলেট নাখায়
আজিৰ পৰা দুশ বছৰ আগতে দক্ষিণ আমেৰিকাৰ ঘন জংঘলত " চিন'কনা " বুলি এবিধ গছৰ ছালৰ পৰা" কুইনিন" বুলি এটা পদাৰ্থ উলিয়াই আৰু তাত মেলেৰিয়া নিছিনা বেমাৰত ভুগা ৰুগীক সেই গছৰ চালৰ কুইনিন পদাৰ্থ বিধ খাবলৈ দিয়া হৈছিল আৰু সুফল লাভ পাইছিল

পিছত 1930 চনত জাৰ্মান চিকিৎসক বিশেষজ্ঞ তাক কেমিকেল তৈয়াৰ কৰি ক্লৰকুইন (Chloroquine) নাম দিলে আৰু পিছত একেদৰে আৰু অধিক উন্নত মানদণ্ডৰে কেমিকেলি তৈয়াৰ কৰি Hydroxychloroquine বনালে....যাক সাধাৰণতে মেলেৰিয়া নিছিনা ৰোগতহে ৰোগীক খাবলৈ দিয়া হয়

চীনৰ Zhejiang University এক Study মতে COVID19 আক্ৰান্ত কিছুসংখ্যক ৰুগীক Hydroxychloroquine টেবলেট খাবলৈ দিয়া হৈছিল আৰু সেইসকলৰ বেছিভাগ ৰুগী ঠিক হৈছিল.

তাৰপিছত
French ৰ এখন হস্পিতালৰ Study মতে 40 জন COVID19 আক্ৰান্ত ৰোগীক সেই Hydroxychloroquine টেবলেট খাবলৈ দিয়া হৈছিল আৰু তাৰ কিছু সংখ্যক ৰুগী ঠিক হৈ উঠিছিল

এই সকলোবিলাক study পৰিক্ষা নিৰিক্ষা কৰি আমাৰ ভাৰতবৰ্ষ ICMR ( indian council of medical research ) যোৱা 23 মাৰ্চ তাৰিখে HCQ মেলেৰিয়া বেমাৰত দিয়া টেবলেট বিধ COVID19 আক্ৰান্ত ৰুগীকো দিব পাৰি বুলি এক প্ৰস্তাব আগবঢ়ালে আৰু পিছত Drug controler general of india সেই প্ৰস্তাব গ্ৰহণ কৰিবলৈ সন্মত হল

এতিয়া কথা হল, কেনেকুৱা ধৰনৰ ৰোগীক Hydroxychloroquine (HCQ) দিয় হব ?
ICMR Guideline মতে , যিসকল ডাক্তৰ বা নাৰ্চ বা কৰণা ভাইৰাছৰ ৰোগীৰ সৈতে লাগি থকা স্বাস্হ্য কৰ্মী সকলক Prophylaxis treatment কাৰণে অৰ্থাৎ কোনো বেমাৰ হোৱাৰ আগতে তাৰ পৰা অকণমান বাচিব কাৰণে মেডিছিন লোৱা তাৰ কাৰনে তেওলোকে HCQ টেবলেট লব পাৰে কিন্তু নিজকে এবাৰ test কৰিহে লবলৈ দিছে..সেইটো নহয় যে HQC টেবলেট খোৱাৰ পিছত সেইজন ডাক্তৰ বা নাৰ্চ গৰাকীৰ কৰণা ভাইৰাছ নহব পাৰে কিন্তু কিছুপৰিমাণে সকাহ পোৱাৰ অৱকাশ থাকে

আৰু যদি কোনোবা পৰিয়ালৰ ব্যক্তি কৰণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে তেন্তে সেইজন ব্যক্তিৰ সৈতে যিয়ে লাগি থাকে সেইজনেও ডাক্তৰৰ পৰামৰ্শ অনুমতি লৈহে HQC টেবলেত খাব পাৰে
আমাৰ কাৰণে গৌৰৱৰ কথা, বিশ্বৰ ভিতৰত সৰ্বাধিক Hydroxycloroquine টেবলেট আমাৰ ভাৰতবৰ্ষ উৎপাদন কৰে, কাৰণ ভাৰতবৰ্ষত প্ৰতিবছৰে মেলেৰিয়া ৰোগী ওলায় থাকে

আমি এইখিনিতে জানি থোৱা ভাল যে, Hydroxychloroquine টেবলেট চৰকাৰে নিজকৈ উৎপাদণ নকৰে, উৎপাদন কৰে কেৱল ব্যক্তিগত খণ্ডৰ মেডিচিন কোম্পানী সমুহে..যেনে IPCA Pharmaceutical Company, Zydus Cadila Company আৰু তেনেকুৱা বহুতো কোম্পানীৰ আছে 

Hydroxychloroquine টেবলেটৰ বহুত দাম নেকি ?

Hydroxychloroquine সাধাৰণতে 200mg আৰু 400mg আহে যাক কোৱা হয় low dose আৰু high dose, এটা low dose টেবলেটৰ দাম খুব বেছি 4-5 টকাৰ ভিতৰত কিনিব পাৰি আৰু আৰু high dose এটা টেবলেট 12-13 টকা ভিতৰত কিনিব পাৰি
আমেৰিকাত Hydroxychloroquine টেবলেটৰ উৎপাদন নহয় নেকি ? কিয় আমেৰিকা ৰাষ্ট্ৰ পতি Donald Trump য়ে ভাৰতৰ পৰা সহায় হিচাপে Hydroxychloroquine টেবলেট বিচাৰিছে ?


সকলো বিলাক জানিবলৈ পৰৱৰ্তী post লৈ অপেক্ষা কৰক

4 Comments

  1. Is it really possible to cure covid-19 this way ? Very good site for Assam GK

    ReplyDelete
  2. Really nice post and keep visit Gk Upgrade for upgrading your general knowledge

    ReplyDelete
    Replies
    1. thanks for your feedback. surely view your site for gk

      Delete

Post a Comment

Previous Post Next Post